গুৱাহাটী,18 মেঃ হাতত কোৱাৰেন্টাইন চেন্টাৰৰ ষ্টাম্প মৰা যুৱকক কেন্দ্ৰ কৰি মালিগাঁৱত আতংকময় পৰিস্থিতি । কোকৰাঝাৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা যুৱকজন পলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । পলাতক যুৱকজনৰ নাম পিংকু দে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, কোৱাৰেন্টাইন চেন্টাৰৰ ষ্টাম্প থকা এই যুৱকজনে দুচকীয়া বাহনৰে ঘূৰি ফুৰা সময়তেই আদাবাৰী তিনিআলিত ৰাইজে প্ৰত্যক্ষ কৰে । ততাতৈয়াকৈ জালুকবাৰী আৰক্ষীক অবগত কৰাত আৰক্ষীয়ে আহি যুৱকজনক স্বাস্থ্য কেন্দ্ৰলৈ যায় । কিন্তু চিকিৎসালয়লৈ নিয়া অৱস্থাতে পলায়ন কৰে যুৱকজনে । ইয়াকে লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক-দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ