ETV Bharat / state

উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়

author img

By

Published : Oct 21, 2021, 4:46 PM IST

ৰাজ্যৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এসময়ৰ শত্ৰু বৰ্তমান হৈ পৰিছে বন্ধু ৷ বিড়ম্বনাত পৰিছে মাথো সাধাৰণ জনতা ৷

by election
উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়

গুৱাহাটী, 21 অক্টোবৰ : ক্ষমতা সৰ্বোচ্চ আধুনিক ভোটৰ ৰাজনীতি এয়াই । য’ত শত্ৰু-মিত্ৰৰ কোনো স্থায়ী সম্পৰ্ক নাথাকে । ক্ষমতাৰ স্বাৰ্থত সময়ত শত্ৰুও মিত্ৰ হয়, মিত্ৰও শত্ৰু হয় । বিড়ম্বনা হয় মাথো সাধাৰণ জনতাৰ ।

ৰাজ্যৰ পাঁচটা সমষ্টিত হ’ব লগা উপ-নিৰ্বাচনে এই সত্য পুনৰ বাৰ প্ৰমাণ কৰিছে । মাত্ৰ ছটা মাহৰ আগতে নিৰ্বাচনত ভোট বিচাৰি গৈ যি সকলক অশ্ৰাব্য-নিৰ্লজ্জ ভাষাৰে গালি পাৰিছিল, আজি আকৌ সেই সকলৰেই গুণ বখানিব লগীয়া হৈছে ছমাহ পূৰ্বে গালি পৰা সকলে । একেদৰে ছমাহ পূৰ্বে একেখন হেলিকপ্টাৰত উঠি গৈ যি তিনিটা দলৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল, আজি আকৌ তেওঁলোক পৰস্পৰৰ শত্ৰু । এতিয়া বিভ্ৰান্ত মাথো ৰাইজ ।

ৰাইজ বিভ্ৰান্ত নহ’ব কিয় ?

মাত্ৰ ছমাহ পূৰ্বে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বি পি এফৰ মাজত আছিল "মহাজোট" । হাগ্ৰামা মহিলাৰী, ৰিপুন বৰা আৰু বদৰুদ্দিন আজমলে ডিঙিত ধৰাধৰিকৈ গৈ প্ৰচাৰ চলাইছিল আৰু এতিয়া ছমাহ পিছৰ পৰিস্থিতি চাওক । গোঁসাইগাঁও আৰু ভবানীপুৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নিজা নিজা প্ৰাৰ্থী থিয় কৰোৱাৰ উপৰি গোঁসাইগাঁৱত আকৌ বি পি এফেও নিজাকৈ প্ৰাৰ্থী আগবঢ়াইছে ৷

লগতে পঢ়ক : থাওৰাত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই : ৰাজ্যিক বিজেপিৰ সভাপতি

তিনিওটা সমষ্টিতে পূৰ্বৰ "মহাজোট"ৰ নেতাসকলৰ মাজত চলিছে ইজনে সিজনৰ গালৈ বোকা চটিওৱাৰ ৰাজনীতি । আৰু এক বিড়ম্বনালৈ মন কৰক । মাত্ৰ ছমাহৰ পূৰ্বৰ নিৰ্বাচনত ভবানীপুৰত অগপৰ প্ৰাৰ্থীজন মাত্ৰ তিনি হাজাৰমান ভোটৰ ব্যৱধানত পৰাজিত হ’বলগীয়া হৈছিল, সেই সময়ৰ এ আই ইউ‌ ডি এফৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ হাতত । আজি ফণী তালুকদাৰ বিজেপিৰ প্ৰাৰ্থী ।

গতিকে ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থতে অগপই ভবানীপুৰত বিজেপি প্ৰাৰ্থীজনক ধনে জনে সহায় কৰিব লগীয়া হৈছে । যোৱাটো বিধানসভা নিৰ্বাচনত "মহাজোট"ত চি পি আয়ো আছিল । কিন্তু এইবাৰ থাওৰাৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰো প্ৰাৰ্থী আছে, চি পি আইৰো আছে । চি পি আইৰ প্ৰাৰ্থীগৰাকী আকৌ অখিল গগৈৰ পুৰণি আইনী সহযোগী, বন্ধু । গতিকে ৰাইজ বিভ্ৰান্ত নহ’ব কিয় !

ইফালে যিজন ৰূপজ্যোতি কুৰ্মীক হৰুৱাবলৈ যোৱাটো বিধানসভা নিৰ্বাচনত যিসকল বিজেপি নেতা মৰিয়নিত উবুৰি খাই পৰিছিল ৷ আজি সেইসকল বিজেপি নেতা ৰূপজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ । কাৰণ ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপিৰ প্ৰাৰ্থী । ইপিনে কংগ্ৰেছে যিগৰাকীক মৰিয়নিত প্ৰাৰ্থিত্ব দিছে তেওঁ আকৌ ৰূপজ্যোতি কুৰ্মীৰ পুৰণি বন্ধু । সমষ্টিবাসীয়ে কয় ৰূপজ্যোতিৰ পূৰ্বৰ প্ৰতিটো জয় হেনো সম্ভৱ হৈছিল এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ বাবেহে ।

লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মী শিয়াল, প্ৰতাৰক, বিশ্বাসঘাতক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.