ETV Bharat / state

মাতৃ-পিতৃ বন্দনা : ৭০ শতাংশ কৰ্মচাৰীয়ে কটালে বিশেষ ছুটী - পৰিয়ালৰ সৈতে সময় কটালে চৰকাৰী কৰ্মচাৰীয়ে

'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক ৰাজ্য চৰকাৰে আৰম্ভ কৰা নতুন আঁচনিৰ (Matri Pitri vandana by Assam Goverment) সুবিধা আদায় কৰি ৰাজ্য চৰকাৰৰ প্ৰায় ৭০ শতাংশ কৰ্মচাৰীয়ে পৰিয়ালৰ সৈতে পাৰ কৰিলে সময় ৷ সবিশেষ জানো আহক ৷

employees-spent-quality-time-with-family-in-assam-using-matri-pitri-vandana-special-casual-leave-by-assam-goverment
'মাতৃ-পিতৃ বন্দনা': ৭০ শতাংশ কৰ্মচাৰীয়ে কটালে বিশেষ ছুটী
author img

By

Published : Jan 10, 2022, 5:26 PM IST

গুৱাহাটী, ১০ জানুৱাৰী : পিতৃ-মাতৃ আৰু শহুৰ-শাহুৰ সৈতে আনন্দৰে সময় কটাই সোমবাৰৰে পৰা পুনৰ নিজা নিজা কৰ্মথলীলৈ উভতি আহিছে ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰী । 'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই নতুন আঁচনিৰ সুবিধা আদায় কৰি যোৱা বৃহস্পতিবাৰেই ঘৰমুৱা হয় প্ৰায় ৭০ শতাংশ কৰ্মচাৰী (Matri Pitri vandana by Assam Goverment) ।

৭ আৰু ৮ জানুৱাৰীৰ দিন দুটা চৰকাৰে কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছিল । সেই অনুসৰি প্ৰায় চাৰে চাৰি লাখ চৰকাৰী কৰ্মচাৰীৰ মাজৰ শিক্ষকসকলক বাদ দি বাকীসকলৰ প্ৰায় ৭০ শতাংশ কৰ্মচাৰীয়ে চৰকাৰৰ এই নতুন আঁচনিৰ সুবিধা লৈ নিজৰ ঘৰখনৰ, পৰিয়ালৰ সদস্যৰ লগত আনন্দৰে সময় উপভোগ কৰে (Employees spent quality time with family in Assam) ।

এই তথ্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে । কেৱল কৰ্মচাৰীয়েই নহয়, মন্ত্ৰী-বিধায়কৰ একাংশয়ো নিজৰ পিতৃ-মাতৃ আৰু শহুৰ-শাহুৰ সৈতে পাৰ কৰে যোৱা দুই-তিনিটা দিন (Assam MLA's spending quality time with family) ৷

উল্লেখযোগ্য যে, এই নতুন আঁচনিখন ঘোষণাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে কৰ্মচাৰীসকলে পিতৃ-মাতৃ বা শহুৰ-শাহুৰ সৈতে ছুটীৰ দিন কটোৱা সময়ৰ ফটো এটা নিৰ্দিষ্ট প'ৰ্টেলত আপলোড কৰিব লাগিব । কিন্তু প'ৰ্টেলৰ সবিশেষ চৰকাৰে ৰাজহুৱা নকৰাত বহুসংখ্যক কৰ্মচাৰীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ।

লগতে পঢ়ক : Mosambi peels can help prevent Cancer : মৌচুমী ফলৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.