ETV Bharat / state

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ

লণ্ডন স্কুল অৱ ইক'নমিক্সৰ পৰা তেখেতে ফাইনেন্সিয়েল মেনেজমেণ্টত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ শিক্ষা সমাপ্তিৰ পাছতে তেখেতে কলিকতাৰ কলকাতা মেট্ৰ'পলিটান ডেভেল'পমেণ্ট ক'ৰ্পোৰেচনৰ বিত্তীয় উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত এছিয়ান ডেভেল'পমেণ্ট বেংকৰ সঞ্চালক হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে । কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টাৰূপেও 2003 চনৰ পৰা 2009 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ডঃ জয়ন্ত মাধৱে ৷

Eminent economist Dr. Jayanta Madhab passed away with state honors
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ
author img

By

Published : Oct 19, 2020, 8:59 PM IST

গুৱাহাটী, 19অক্টোবৰঃ "মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" ৷ সোমবাৰে 91বছৰত ইহলীলা সম্বৰণ কৰিলে ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱে ৷

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে গুৱাহাটীস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ 1929 চনৰ 25 অক্টোবৰত গুৱাহাটীত জন্মলাভ কৰা জয়ন্ত মাধৱে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । লণ্ডন স্কুল অৱ ইক'নমিক্সৰ পৰা তেখেতে ফাইনেন্সিয়েল মেনেজমেণ্টত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ শিক্ষা সমাপ্তিৰ পাছতে তেখেতে কলিকতাৰ কলকাতা মেট্ৰ'পলিটান ডেভেল'পমেণ্ট ক'ৰ্পোৰেচনৰ বিত্তীয় উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত এছিয়ান ডেভেল'পমেণ্ট বেংকৰ সঞ্চালক হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে । কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টাৰূপেও 2003 চনৰ পৰা 2009 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ডঃ জয়ন্ত মাধৱে ৷

অৱসৰৰ পাছত জয়ন্ত মাধৱে উত্তৰ-পূব বিত্তীয় উন্নয়ন নিগম চমুকৈ “নেডফি”ৰ প্ৰতিষ্ঠা কৰিছিল ৷ স্মৰ্তব্য যে, এছিয়ান ডেভেলপমেন্ট বেংকৰ উচ্চতম পদবীত অধিষ্ঠিত হোৱা জয়ন্ত মাধৱে বিদেশত বা দিল্লীত স্থায়ী বসতি কৰি উচ্চ হাৰৰ পেঞ্চন লৈ বিলাসী জীৱন কটোৱাৰ বিপৰীতে তেওঁ অসমতে থাকি বিভিন্ন আঁচনি প্ৰস্তুত কৰি সেইসমূহৰ ৰূপায়নেৰে অসমীয়া যুৱক-যুৱতীৰ বাবে কর্ম সংস্কৃতিৰ মাধ্যমেৰে স্বাধীন মনোবৃত্তি গঢ় দিয়াৰ চেষ্টাতহে মনোনিৱেশ কৰিছিল ৷

ইয়াৰ উপৰি ভাৰতৰ প্ৰথম ব্যক্তিগত বেংক প্ৰতিষ্ঠাৰ লাইচেন্স ‘জয়ন্ত মাধৱ এণ্ড এছোছিয়েটছ’য়েই লাভ কৰিছিল ৷ এটিএম কার্ডকে আদি কৰি একেবাৰে নতুন প্রযুক্তিৰে সমৃদ্ধ এই বেংকটোৰ লাইচেন্স নিজৰ নামত থকাৰ পাছতো চেয়াৰমেনৰ দায়িত্ব নলৈ ‘নেডফি’ৰ জখলা তৈয়াৰ কৰিছিল ডঃ জয়ন্ত মাধৱে । সমান্তৰালভাৱে আৰ.জি.ভি.এন, বেম্ব মিছন আদিৰে বহুতৰে বাবে কর্মক্ষেত্ৰ তৈয়াৰ কৰিছিল প্ৰখ্যাত অৰ্থনীতিবিদ গৰাকীয়ে ৷

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ

এইগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত পত্নী চন্দনা মাধৱৰ লগতে বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় অৰ্থনীতিবিদগৰাকীয়ে ৷ উল্লেখ্য যে, গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অৰ্থনীতিবিদগৰাকীৰ ৷ মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত ৰাজ্য চৰকাৰৰ হৈ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব ভৱেশ দাস আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু উপস্থিত হৈ বিশিষ্ট অৰ্থনীতিবিদগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়কঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.