ETV Bharat / state

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ল বিশিষ্ট প্ৰত্নতত্ত্ববিদ ড৹ ৰবীন্দ্ৰ দেৱচৌধুৰীৰ

author img

By

Published : Oct 26, 2021, 2:26 PM IST

মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল গুৱাহাটীৰ হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট প্ৰত্নতত্ত্ববিদ ড০ ৰবীন্দ্ৰ দেৱচৌধুৰীৰ । অসম ৰাজ্যিক সংগ্রহালয়ত ড° দেৱচৌধুৰীৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব । বিশিষ্ট প্ৰত্নতত্ত্ববিদগৰাকী ৰাষ্ট্রীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানৰ দৰে গুৰুত্বপূর্ণ পদত অধিষ্ঠিত হােৱা প্ৰথমজন অসমীয়া । সৃষ্টিৰ বিশালতাৰে তেওঁ চহকী কৰি গৈছে প্রত্নতত্ত্ব-ইতিহাস সম্পর্কীয় ক্ষেত্রখন ।

Eminent Archaeologist Dr Rabindra Devchowdhury passed away
বিশিষ্ট প্ৰত্নতত্ত্ববিদ ড০ ৰবীন্দ্ৰ দেৱচৌধুৰীৰ দেহাৱসান

গুৱাহাটী, ২৬ অক্টোবৰ : অসম তথা ভাৰতৰ এগৰাকী বিশিষ্ট পুৰাতত্ববিদ তথা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰথমগৰাকী অসমীয়া সঞ্চালক প্ৰধান ড° ৰবীন্দ্ৰ দেৱচৌধুৰীৰ দেহাৱসান । সোমবাৰে নিশা গুৱাহাটীৰ হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট প্ৰত্নতত্ত্ববিদগৰাকীৰ শেষকৃত্য মঙলবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰবীন্দ্ৰ দেৱচৌধুৰীক যোৱা ২৩ অক্টোবৰত হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ । ড° দেৱচৌধুৰীৰ বিয়ােগত অসমৰ লগতে দেশৰ শৈক্ষিক তথা বৌদ্ধিক জগতত শােকৰ ছাঁ পৰিছে ।

ৰাষ্ট্রীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানৰ দৰে গুৰুত্বপূর্ণ পদত অধিষ্ঠিত হােৱা প্ৰথমজন অসমীয়া ড° দেৱচৌধুৰীৰ জন্ম হৈছিল ১৯৪৪ চনৰ ১ মে’ত অবিভক্ত বৰপেটা জিলাৰ পাটাছাৰকুছি গাঁৱত । এটা পিছপৰা অঞ্চল আৰু সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰিও নিজৰ মেধা শক্তি আৰু ব্যুৎপত্তিৰ বাবে ড° দেৱচৌধুৰীয়ে নিজকে ৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।

১৯৬৩ চনত তেতিয়াৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি ড° দেৱচৌধুৰীয়ে মধ্য প্রদেশৰ সাগৰ বিশ্ববিদ্যালয়ত ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্ব বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভর্তি কৰে । সাগৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সুখ্যাতিৰে লাভ কৰা ড° দেৱচৌধুৰীয়ে পুনেৰ ডেক্কান পােষ্ট গ্রেজুৱেট এণ্ড ৰ'জ ইনষ্টিটিউটত গৱেষণা কার্যত ব্ৰতী হয় ।

তাৰ পৰাই তেওঁ লাভ কৰে ডক্টৰেট ডিগ্রী । ড° দেৱচৌধুৰীয়ে ১৯৭০ চনৰ ১৪ জুলাইত অসম ৰাজ্যিক সংগ্রহালয়ত এছিছটেণ্ট কিউৰেটৰ হিচাপে যােগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল । পৰৱৰ্তী সময়ত তেওঁ কিউৰেটৰলৈ পদোন্নতি লাভ কৰি ১৯৮৩ চনত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক পদত অধিষ্ঠিত হয় । অসম ৰাজ্যিক সংগ্রহালয়ত ড° দেৱচৌধুৰীৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব ।

১৯৮৮ চনৰ ২০ ডিচেম্বৰত তেওঁ ৰাষ্ট্ৰীয় সংগ্রহালয়ৰ সঞ্চালক প্রধানৰ দায়িত্ব গ্রহণ কৰে । সেই সূত্রে এখন বিশ্ববিদ্যালয়ৰ সমপর্যায়ৰ শিক্ষানুষ্ঠান নেশ্যনেল মিউজিয়াম ইনষ্টিটিউটৰাে উপাচার্যৰ আসন তেওঁ শুৱনি কৰে । ব্যস্ততাপূর্ণ কর্মজীৱনৰ সমান্তৰালভাৱে ড° দেৱচৌধুৰীয়ে প্রত্নতত্ত্ব-ইতিহাস সম্পর্কীয় বিভিন্ন ৰাষ্ট্ৰীয় সংগঠনৰে নিজকে জড়িত কৰি ৰাখিছিল । তদুপৰি তেওঁ জীৱিত কালত ৰচনা কৰি থৈ গৈছে কেইবাখনাে গুৰুত্বপূৰ্ণ গ্রন্থ ।

অৱসৰৰ পাছত গুৱাহাটীৰ বামুণীমৈদামত বসবাস কৰা ড° দেৱচৌধুৰী মিউজিয়াম এছ’চিয়েচন অৱ ইণ্ডিয়া, ইণ্ডিয়ান আর্কিঅ’লজিকেল ছ’চাইটি, কামৰূপ অনুসন্ধান কমিটী, অসম সাহিত্য সভা, নুমিছমেটিক ছ'চাইটি অৱ ইণ্ডিয়া, ইণ্ডিয়ান হিষ্টৰী এণ্ড কালচাৰ ছ'চাইটি আৰু ইণ্ডিয়ান আর্ট হিষ্টৰী কংগ্ৰেছৰ আজীৱন সভ্য আছিল । ইণ্ডিয়ান আর্ট হিষ্টৰী কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ড° দেৱচৌধুৰীয়ে মৃত্যুৰ সময়লৈকে সংগঠনটোৰ সভাপতি পদত কার্যনির্বাহ কৰিছিল ।

তেওঁ ৰচনা কৰা গ্রন্থসমূহৰ ভিতৰত আর্কিঅ’লজি অৱ দ্য ব্রহ্মপুত্র ভেলী অৱ আছাম, মনুমেন্টছ অৱ আছাম, মিউজিয়ামছ অৱ নর্থ-ইষ্ট ইণ্ডিয়া, এ ছ’র্চ বুক অৱ দ্য নিউমিছমেটিক ষ্টাডিজ ইন নর্থ-ইষ্ট ইণ্ডিয়া, আর্ট হিষ্টৰী অৱ ত্ৰিপুৰা আৰু দ্য হেণ্ড বুক অৱ আছাম ষ্টেট মিউজিয়াম’ আদি উল্লেখযােগ্য । ড° দেৱচৌধুৰীৰ বিয়ােগত জন্মভূমি পাটাছাৰকুছিতাে শােকৰ ছাঁ পৰিছে।

অসমৰ সত্ৰসমূহ বেদখল মুক্ত কৰিবৰ কাৰণে তেখেতে কৰা প্ৰয়াস অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব । মৰিগাঁও জিলাৰ আলিপুখুৰী পাতেকীবৰী, নগাঁৱৰ ৰামপুৰ সত্ৰ, দামোদৰ দেৱৰ জন্মস্থান নলচা, লখিমপুৰৰ আদি এলেঙী আদি সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে কৰা প্ৰচেষ্টাক স্বীকৃতি দি অসম সত্ৰ মহাসভাই তেখেতক 'সত্ৰবন্ধু' উপাধিৰে বিভূষিত কৰিছিল ।

নতুন দিল্লীত ড° স্বৰাজ প্রকাশ গুপ্তাৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদি সংগঠনৰ লগতো জড়িত হৈ ড° ৰবীন্দ্ৰ দেৱচৌধুৰীয়ে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ সকলো সংগঠনৰ প্ৰতি সহমত পোষণ কৰিছিল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.