ETV Bharat / state

Load shedding in Assam: শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা - বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা

১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই (Power minister of Assam) । শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হোৱা মন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতিয়ে কি ৰূপ লয় সেয়া সময়ত লক্ষ্যণীয় হ’ব ৷

Load shedding in Assam
শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা
author img

By

Published : Jul 17, 2022, 3:30 PM IST

গুৱাহাটী, ১৭ জুলাই: ১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব । এই কথা সদৰি কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই (Power minister of Assam)। শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে সঘন লোড শ্বেডিঙকে ধৰি বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । উল্লেখ্য যে অসহনীয় গৰমৰ মাজতে বিগত কিছুদিন ধৰি বিদ্যুতৰ সঘন লুকাভাকুৱে জলাকলা খুৱাইছে ৰাজ্যবাসীক ।

শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা

উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা (Power crisis in Assam)। ঠায়ে ঠায়ে ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে । প্ৰচণ্ড ৰ’দত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে বিদ্যুৎ কৰ্তন । বিভিন্ন স্থানত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰ্তন কৰা হৈছে বিদ্যুৎ । একপ্ৰকাৰ যেন শক্তিহীন হৈ পৰিছে শক্তি বিভাগ ।

প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ । কিন্তু এতিয়া বিদ্যুৎ আহে আৰু যায় । এনে এক অসহনীয় পৰিস্থিতিৰ মাজতে আজি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে শীঘ্ৰে দূৰ হ’ব বিদ্যুতৰ নাটনিৰ সমস্যা । দহ-পোন্ধৰ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ’ব বিদ্যুতৰ সমস্যা (Assam load shedding problem) । বিদ্যুতৰ সকলো সমস্যা পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি মন্ত্ৰীগৰ‍কীয়ে(Power minister Nandita Garlosa) কয় ।

অৱশ্যে এনে প্ৰতিশ্ৰুতি আগতেও চৰকাৰে দিছিল । কিন্তু প্ৰতিশ্ৰুতি পূৰণহে কৰিব পৰা নাই । এইবাৰ নতুনকৈ দায়িত্ব লাভ কৰা শক্তি মন্ত্ৰীয়েও প্ৰতিশ্ৰুতি দিছে যে বিদ্যুতৰ সমস্যা দূৰ কৰিব ।

লগতে পঢ়ক: AK 47 ammunitions theft from police house: আৰক্ষীৰ ঘৰত চোৰৰ চিপৰাং: লুটি নিলে AK47 ৰ গুলী-সোণৰ গহনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.