ETV Bharat / state

Rajya Sabha Election 2022 : দুখন আসনৰ বাবে 126 গৰাকী বিধায়কে কৰিলে ভোটদান

বৃহস্পতিবাৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন(Rajya Sabha Election 2022) ৷ বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ ৷ বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি সঘনাই সলনি হৈছে দৃশ্যপট ৷ দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ৷

elections-for-two-rajya-sabha-seats-in-assam-running-today
ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন
author img

By

Published : Mar 31, 2022, 1:45 PM IST

গুৱাহাটী, 31 মাৰ্চ: ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান(Rajya Sabha Election 2022) ৷ অসম বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱাৰ ভাগৰ পৰাই বিধায়কৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ এই ভোটগ্ৰহণ সমাপ্ত হ'ব বিয়লি ৪ বজাত ৷ আনহাতে, বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা আৰু ৬ বজাত ঘোষণা কৰা হ'ব ফলাফল ৷

ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হৈছে তিনিগৰাকী ৷ প্ৰথমখন আসনত শাসকীয় দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় ইতিমধ্যে নিশ্চিত হৈছে ৷ কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি ধাৰণা কৰা হৈছে ৷ সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁট জয়ী হ'ব নোৱাৰে যদিও, বিজেপিয়ে দুয়োখন আসনতে জয়লাভ কৰিব বুলি দাবী কৰিছে ৷

ইফালে দ্বিতীয়খন আসনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভ‍াৱনা আছে ৷ কিন্তু বিৰোধীৰ ঐক্যত আউল লগাত সমীকৰণ সলনি হোৱাৰ আশংকা আছে ৷ উল্লেখ্য যে, অসম বিধানসভাত কংগ্ৰেছৰ ২৭ গৰাকী, এআইইউডিএফ-ৰ ১৫ গৰাকী, ৰাইজৰ দলৰ এগৰাকী, চিপিআইএমৰ এগৰাকী বিধায়ককে ধৰি মুঠ ৪৪ গৰাকী বিৰোধী বিধায়ক আছে ৷

দুখন আসনৰ বাবে 126 গৰাকী বিধায়কে কৰিলে ভোটদান

কিন্তু ইয়াৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ কথা ইতিমধ্যেই সদৰি কৰিছে ৷ তেনেস্থলত বিৰোধীৰ হাতত আছে ৪৩ টা ভোট ৷ ৪৩ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুণ বৰা জয়ী হোৱাৰ সম্ভাৱনা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া ক্ৰছ ভোটৰ আশংকা কৰা হৈছে ৷

কংগ্ৰেছৰ লগত সংঘাত হোৱাৰ পাছতো এআইইউডিএফে নৈতিকতাৰ স্বাৰ্থত ৰিপুণ বৰাকে ভোট দিয়াৰ কথা ঘোষণা কৰিছে ৷ অৱশ্যে সকলো কথা স্পষ্ট হ'ব বিয়লি ঘোষিত ফলাফলতহে ৷ ভোট দিবলৈ অহা ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক ফণীধৰ তালুকদাৰে কয় যে, ৬ টা ভোটৰ ব্যৱধানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী দ্বিতীয়খন আসনত জয়ী হ'ব ৷ ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দুয়োখন আসনতে জয়ী হ'ব বুলি পুনৰ সদৰি কৰিছে ৷

আনহাতে, বিজেপি বিধায়ক অতুল বৰায়ো দুয়োখন আসনত জয়ী হোৱাৰ কথা সদৰি কৰিছে ৷ সংখ্যা নাথাকিলেও বিৰোধীৰ বিধায়কে ভোট দিব বুলি তেওঁ কয় ৷

ইতিমধ্যে ৰাজ্যসভা নিৰ্বাচনত ভোটদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Cm Dr Himanta Biswa Sarma casts his vote) ৷ বিজেপিৰ হৈ কেইবাজনো বিধায়ক-মন্ত্ৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ কংগ্ৰেছৰো প্ৰায় আটাইকেইজন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ বিপিএফৰ ৩ গৰাকী বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সাব্যস্ত কৰিলে ভোটাধিকাৰ(MLA Akhil Gogoi casts vote for Rajya Sabha Election 2022) ৷ ভোটদান কৰাৰ পাছতে অখিল গগৈয়ে বিজেপি মিত্ৰজোঁটৰ তিনিটা ভোট বাতিল কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ অভিযোগ কৰা মতে, তিনিগৰাকী সদস্যই ভোট দিয়াৰ পাছত সকলোকে দেখুৱাই নিয়ম ভংগ কৰিছে ৷ ইয়াৰে এজন শাসকীয় দলৰ আৰু দুজন মিত্ৰদল বিপিএফৰ বুলি তেওঁ কয় ৷

লগতে চাওক: Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান গামোছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.