ETV Bharat / state

ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত - নিৰ্বাচনী অধিসূচনা বহু পৰিমানে ব্যতিক্ৰম হ'ব

অসম, পশ্চিমবংগ আৰু তামিলনাডু- এই তিনি ৰাজ্যৰ নিৰ্বাচনী অধিসূচনা একেলগে অহা 20 ফেব্ৰুৱাৰীত ঘোষিত হোৱাৰ সম্ভাৱনা আছে । ৰাজ্য প্ৰশাসনৰ এক সূত্ৰৰ মতে, 20 ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাটো প্ৰায় নিশ্চিত আৰু তেনে পৰিপ্ৰেক্ষিতত বাজেটৰ ধন ব্যয় আৰু আঁচনিসমূহৰ ধন মোকলাই দিয়াৰ বাবে দিল্লী আৰু দিছপুৰ উভয়েই বিশেষ তৎপৰতা লৈছে ।

২০ ফেব্ৰুৱাৰীত তিনি ৰাজ্যৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা

author img

By

Published : Feb 1, 2021, 7:36 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: অসমকে ধৰি দেশৰ আন চাৰি ৰাজ্য ক্ৰমে পশ্চিমবঙ্গ, তামিলনাডু, পণ্ডিছেৰী আৰু কেৰেলাৰ বিধানসভা নিৰ্বাচন সমাগত । তামিলনাডু, পশ্চিমবংগ, অসমৰ বৰ্তমানৰ ৰাজ্য চৰকাৰ কেইখনৰ কাৰ্যকাল ক্ৰমে অহা 24, 30 আৰু 31 মে'ত উকলিব । ইয়াৰ পিছৰ মাহতে অৰ্থাৎ 1 জুনত কেৰেলা আৰু 8 জুনত পণ্ডিছেৰীৰ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰিব । অসম চৰকাৰৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, অহা মে'ত চৰকাৰৰ কাৰ্যকাল অন্ত পৰিবলগীয়া পশ্চিমবংগ, অসম আৰু তামিলনাডুৰ বিপৰীতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব 20 ফেব্ৰুৱাৰীত । একেদৰে কেৰেলা আৰু পণ্ডিছেৰীৰ বিপৰীতে অধিসূচনা জাৰি হ'ব 10 মাৰ্চৰ ভিতৰত ।

সূত্ৰটোৰ মতে, এইবাৰৰ ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বৰ্তমানত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিবলৈ ওলোৱা নিৰ্বাচনী অধিসূচনা বহু পৰিমানে ব্যতিক্ৰম হ'ব । বিশেষকৈ ভোটাৰৰ সামাজিক দূৰত্ব নিশ্চিতকৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা ল'ব । নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো কেতবোৰ বাধ্যবাধকতা থাকিব । এই পাঁচোখন ৰাজ্যতে গড় হিচাপত বিশৰ পৰা ত্ৰিশ শতাংশকৈ ভোট কেন্দ্ৰৰ সংখ্যা বাঢ়িব । এনে পৰিস্থিতিত স্বাভাৱিকতেই বৃদ্ধি পাব নিৰ্বাচন কৰ্মী, বিষয়াৰ সংখ্যা । বৃদ্ধি পাব যাতায়ত ব্যয় ।

মনকৰিবলগীয়া যে, নিৰ্বাচন আয়োগে অধিসূচনা জাৰি চৰাৰ বাবে ইতিমধ্যে প্ৰস্তুত হোৱাৰ সমান্তৰালকৈ তৎপৰ হৈ উঠিছে শাসক বিৰোধী ৰাজনৈতিক দলসমূহ । অধিসূচনা জাৰিৰ পাচত জনসভা অনুষ্ঠিত কৰাত অসুবিধা হোৱাৰ আশংকাত শাসকীয় দল বিজেপি আৰু অগপই বৃহৎ নিৰ্বাচনী সভাসমূহ ইতিমধ্যেই অনুষ্ঠিত কৰি এক আলোড়ন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । কিন্তু এইক্ষেত্ৰত বহু পৰিমানে পিছপৰি আছে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ । লক্ষনীয়ভাৱে, সোমবাৰে গুৱাহাটী মহানগৰীত বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে । আনহাতে, এইবাৰ ৰাজ্যৰ ৰাজনীতিত নতুনকৈ প্ৰবেশ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এই পৰ্যন্ত নিৰ্বাচন আয়োগত ৰাজনৈতিক দল হিচাপে নিজৰ নাম পঞ্জীভূক্ত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.