ETV Bharat / state

নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল - ৰাইজৰ দলক ভাৰতবৰ্ষৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান

ৰাইজৰ দলৰ বাবে এক সু-খবৰ ৷ অৱশেষত ৰাজনৈতিক দল হিচাপে স্বীকৃতি পালে ৰাইজৰ দলে (Raijor dal recognized as a political party) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল

author img

By

Published : Apr 21, 2022, 8:50 AM IST

Updated : Apr 21, 2022, 9:44 AM IST

গুৱাহাটী, 21 এপ্ৰিল : অৱশেষত ‘ৰাইজৰ দল’ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল (Raijor dal recognized as a political party) । ভাৰতৰ নিৰ্বাচন আয়োগে ৰাইজৰ দলক ভাৰতবৰ্ষৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰে ।

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পঞ্জীয়ন প্ৰমাণপত্ৰ খন বুধবাৰে ডাকযোগে ৰাইজৰ দলে লাভ কৰে (Raijor dal registered by Election Commission) । বুধবাৰে এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।

ৰাইজৰ দলৰ বাবে এক সু-খবৰ

গগৈয়ে কয় যে, বিগত বৰ্ষৰ 4 ফেব্ৰুৱাৰীত দলৰ পঞ্জীয়নৰ কাৰণে আবেদন কৰা হৈছিল । কিন্তু পঞ্জীয়ন হোৱাত পলম হ'ল । বুধবাৰে দলৰ পঞ্জীয়ন হোৱাৰ এই শুভ মূহুৰ্তত দলৰ সকলো সদস্য, কৰ্মী আৰু শুভাকাংক্ষীলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰে ।

নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰৰ পৰা দলৰ সাংগঠনিক কাম দুৰ্বাৰ গতিৰে আগবঢ়াবলৈ সকলোকে অনুৰোধ জনায় ৷ লগতে তেওঁ কয় যে, ধুমুহাৰ গতিৰে সদস্য ভৰ্তিৰ অভিযান আৰম্ভ কৰা হ'ব । দলৰ পুঁজি সংগ্ৰহৰ কামতো গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি তেওঁ অসমৰ ৰাজনীতিত ৰাইজৰ দলক বিকল্পবিহীন আঞ্চলিক ৰাজনৈতিক দলৰূপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক : Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি

Last Updated : Apr 21, 2022, 9:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.