ETV Bharat / state

Eid ul Adha 2023: ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন পবিত্ৰ ঈদ-উল-আজহা

author img

By

Published : Jun 29, 2023, 1:58 PM IST

আজি পৱিত্ৰ ঈদ-উল আজহা ৷ ইয়াৰ উপলক্ষ্যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷

Eid ul Adha 2023
আজি পৱিত্ৰ ঈদ-উল আজহা
ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন পবিত্ৰ ঈদ-উল-আজহা

গুৱাহাটী\শিৱসাগৰ, 29 জুন: আজি পৱিত্ৰ ঈদ-উল আজহা ৷ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ-উল-আজহা ৷ ঈদ উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ গাড়ী গাঁও ঈদগাহ ময়দানতো উলহ -মালহেৰে পালন কৰা হয় পৱিত্ৰ ঈদ-উল-আজহা ৷ প্ৰতিকুল বতৰকো নেওচি ঈদৰ সমূহীয়া নামাজত অংশ ল’লে প্ৰায় 5000 লোকে ৷ ৰাতিপুৱা 8 বজাতে আদায় কৰা হয় ঈদৰ সমূহীয়া নামাজ ৷ নামাজত ইমামতি কৰে গুৱাহাটী দক্ষিণগাঁৱৰ মদিনাতুল উলুম মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ ক্বাৰী মৌলানা মহচিন আলী কাচিমীয়ে ৷

আনহাতে জালুকবাৰী ঈদগাহ ময়দানত পুৱা 7.30 বজাত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত ইমামতি কৰে 1 নং উত্তৰ জালুকবাৰী জামে মছজিদৰ ইমাম ছাহনুৰ ইছলাম আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলনা মুফটি মোৱাজুদ্দিনে ৷ তদুপৰি ধাৰাপুৰ মজলী ঈদগাহ ময়দানত পুৱা 8.30 বজাত সমূহীয়া নামাজ সম্পন্ন হয় ৷ এই নামাজত ইমামতি কৰে মজলী মছজিদৰ পেছ ইমাম মইনুল হকে ৷

ইফালে আজাৰা মির্জাপুৰৰ জামে মছজিদত পুৱা 8 বজাত অনুষ্ঠিত সমূহীয়া নামাজত হাফিজ চুলতান মাহমুদে ইমামতি কৰে ৷ উল্লেখ্য যে বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগ আৰু সংযমৰ উৎসৱ ঈদ-উল-আজহা উপলক্ষে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ দৰে গুৱাহাটীতো উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ঈদ-উজ-আজহা অথবা কোৰবানি ঈদ উপলক্ষে গুৱাহাটী মহানগৰীৰ প্ৰতিখন ঈদগাহ ময়দান তথা মছজিদ সমূহ দৃষ্টিনন্দনভাৱে, আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷

আনহাতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ বিভিন্ন ঈদগাহত ঈদৰ সমূহীয়া নামাজ আদায় কৰা হয় ৷ এই উপলক্ষে দৰবাৰ ঈদগাহ মৈদানত ৰাইজৰ ব্যাপক অংশগ্ৰহণ দেখা যায় ৷ মছজিদৰ মুখ্য ইমামে মানৱজাতিৰ শান্তিৰ বাবে ঈদৰ নামাজ পাঠ কৰায় ৷

লগতে পঢ়ক : Minister Parimal Suklabaidya: পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.