ETV Bharat / state

Education Minister Ranoj Pegu: অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত সংযোজিত হ’ল তিনিটাকৈ নতুন এপ

author img

By

Published : Mar 5, 2023, 5:40 PM IST

শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে মুকলি কৰিলে তিনিটাকৈ ৱেব বেচড এপ্লিকেচন । ষ্টক মনিটৰিং, আই টি চি মনিটৰিং আৰু বিল ট্ৰেকিঙৰ ব্যৱস্থা সংযোজিত হ’ল অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত (three web based applications in education sector) । বিদ্যালয়সমূহক দিয়া হ'ব একোটাকৈ টেবলেট । টেবলেটসমূহৰ যোগেদি শিক্ষাসেঁতু এপৰ জৰিয়তে লাভ কৰিব পৰা য‍াব শিক্ষাৰ্থীৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি টিচিং-লাৰ্নিং আদি সকলো তথ্য । ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত সহজতে চৰকাৰৰ অনুমতি লাভৰ বাবে উপলব্ধ হ'ব অনলাইন এপ ।

three web based applications in education sector
শিক্ষা ব্যৱস্থাত সংযোজিত হ’ল তিনিটাকৈ নতুন এপ

গুৱাহাটী, ৫ মাৰ্চ: ৰাজ্যৰ শিক্ষাখণ্ডত আজিৰে পৰা নতুনকৈ সংযোজিত হ'ল তিনিটাকৈ ৱেব বেচড এপ্লিকেচন (Three web based applications in Education sector) । এই এপ্লিকেচন তিনিটাৰ যোগেদি ষ্টক মনিটৰিং, আই টি চি মনিটৰিং আৰু বিল ট্ৰেকিং কৰিব পৰা যাব । গুৱাহাটী কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত দেওবাৰে আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই এপ্লিকেচন তিনিটা আনুষ্ঠানিকভাৱে মুকলি কৰে (Ranoj Pegu launch three web based applications) ।

অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে শিক্ষা বিভাগক ডিজিটেলি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰি থকা হৈছে । তাৰেই অংশ হিচাপে বিভিন্ন সেৱাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থা কৰা হৈছে । তেওঁ লগতে কয় যে ইতিমধ্যে সামগ্ৰিকভাৱে 'শিক্ষাসেঁতু' নামৰ এটা এপ মুকলি কৰা হৈছে । ইয়াৰ বাবে বিদ্যালয়সমূহলৈ একোটাকৈ টেবলেট দিয়া হ'ব (Ranoj Pegu on govt education sector) । টেবলেটসমূহ দিয়াৰ লগে লগে শিক্ষাসেঁতু এপৰ জৰিয়তে শিক্ষাৰ্থীৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি টিচিং-লাৰ্নিং আদি সকলো তথ্য লাভ কৰিব পৰা যাব । ইয়াৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ থাকিব ৷

আনহাতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আজি আন কেইটামান চেক্টৰক অনলাইন ব্যৱস্থাৰে সংযুক্ত কৰা হৈছে । আজি আনুষ্ঠানিকভাৱে তিনিটা ৱেব বেচড এপ্লিকেচন মুকলি কৰা হৈছে । ইয়াৰে এটা হৈছে ষ্টক মনিটৰিং চিষ্টেম । এই ব্যৱস্থাৰ দ্বাৰা পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি বিভিন্ন শিকন সামগ্ৰী আৰু অন্যান্য বিদ্যালয়ত প্ৰয়োজন হোৱা সামগ্ৰী বিতৰণ কৰা প্ৰক্ৰিয়াটো পূৰ্বৰ মেন্যুৱেলিৰ পৰিৱৰ্তে অনলাইন ব্যৱস্থাৰে পৰ্যবেক্ষণ কৰা হ'ব । ইয়াৰ দ্বাৰা ষ্টক মনিটৰ কৰাৰ উপৰি সামগ্ৰী গুদামৰ পৰা সংশ্লিষ্ট স্থানলৈ যোৱাৰ সকলো দিশ পৰ্যবেক্ষণ কৰিব পৰা যাব । সকলো দিশ ট্ৰেকিং কৰিব পৰা যাব ।

আনহাতে আজি মুকলি কৰা আন এটা এপ্লিকেচন আই চি টি মনিটৰিং চিষ্টেমৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) কয় যে বিদ্যালয়সমূহত তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে টেলি এডুকেচনৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । স্মাৰ্ট শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হৈছে । এইবোৰ কম্পিউটাৰ বেচড মেছিনেৰী হোৱাৰ বাবে ক'ত কেনেদৰে কাম কৰি আছে সেয়া ৰিপৰ্টিং হোৱা নাই । বহু বিদ্যালয়ত বিভিন্ন সমস্যাৰ বাবে এই ব্যৱস্থাবোৰ হৈ উঠা নাই । ইয়াৰ এটা কেন্দ্ৰীয়ভাৱে মনিটৰিং ব্যৱস্থা গঢ়ি তোলাৰ বাবে আই চি টি মনিটৰিং চিষ্টেম কৰা হৈছে ।

সেইদৰে তৃতীয়টো এপ্লিকেচন বিল ট্ৰেকিং চিষ্টেম সন্দৰ্ভত তেওঁ কয় যে আমি আমাৰ কাম-কাজত সম্পূৰ্ণ স্বচ্ছতা আনিব বিচাৰিছো । মুখ্যমন্ত্ৰীয়ে 'ফেচলেচ' সেৱাৰ কথা কৈছে । কাম এটাৰ বাবে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰাটো চৰকাৰখনে বিচৰা নাই । ইয়াৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থাত বিল ট্ৰেকিং চিষ্টেম কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় । কাৰ্যালয়লৈ নহাকৈ কামবোৰ হোৱাৰ বাবে এই এপ্লিকেচন মুকলি কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে কয় যে এই এপকেইটা সমগ্ৰ শিক্ষা অভিযানৰ আই টি শাখাই কৰিছে ।

আন এটা এপৰ কাম হাতত লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ২০০৬ চনত আসাম ন'ন গভৰ্মেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচ এক্ট গৃহীত হৈছিল । ২০০৬ চনৰ পাচৰ পৰা প্ৰাইভেটলি থকা ট্ৰাষ্ট, চ'ছাইটিসমূহে ব্যক্তিগত বিদ্যালয় স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা অনুমতি লৈ আহিছে । ইয়াৰ বাবে অসম চৰকাৰৰ কেতবোৰ নীতি-নিয়ম বান্ধি দিয়া আছে । বহুসময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰৰ অনুমতি বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষই বহু সময় অপেক্ষা কৰিবলগীয়া হয় ।

আনহাতে বিগত বৰ্ষৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী আৰম্ভ কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ প্ৰতি আহ্বান জনোৱা হৈছিল । বহুতে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে । অসমৰ শিক্ষাখণ্ডত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত সহজতে অনুমতি লাভৰ বাবে অনলাইন এপ এটা নিৰ্মাণ কৰা হ'ব (Ranoj Pegu on private education sector) ।

লগতে পঢ়ক : A government school in the spotlight: চৰ্চাত থকা ৰাজ্যৰ এখন বিশেষ চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.