গুৱাহাটী, ৩০ মে': ড্ৰাগছ সাম্ৰাজ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত । ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আৰক্ষীৰ । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে সষ্টম হৈছে অসম আৰক্ষী । মহানগৰী গুৱাহাটীৰ গড়চুকতো ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।
শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বেতকুছিৰ আইএছবিটিৰ পিছফালে থকা বাথৌপুৰীৰ এটা ভাড়াঘৰত ড্ৰাগছৰ অবৈধ বেহা চলোৱাৰ তথ্য লাভ কৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক কৰে । লগতে উদ্ধাৰ কৰে দহটা কণ্টেইনাৰ, নিচাযুক্ত ঔষধ আৰু নগদ ৯,৮৯০ টকা । নিচাযুক্ত ঔষধখিনিৰ পৰিমাণৰ প্ৰায় ১.৩৫ গ্ৰাম ৷
আৰক্ষীয়ে কৰায়ত্ত কৰা লোককেইজন ক্ৰমে নলবাৰীৰ বিলোয়া বেগম (৩৫), বাক্সাৰ মহম্মদ আমিৰ আলী (৩৩), ডিব্ৰুগড়ৰ দ্বীপেন বৰ্মন (২৫) । এই আটাইকেইজনে দীৰ্ঘদিনৰ পৰাই বেতকুছিৰ এটা ভাড়াঘৰত থাকি ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল । সম্প্ৰতি আটাইকেইজন অভিযুক্ত আৰক্ষীৰ জালত ।
পৰৱৰ্তী সময়ত আটাইকেইজনকে গড়চুক থানালৈ অনা হয় আৰু আৰক্ষীৰ তৰফৰ পৰা আটাইকেইজনৰ বিৰুদ্ধে ৩৫৮/২০২১, ইউ/এছ-২২ (এ) এনডিপিএছ আইনৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হয় । আটাইকেইটা অভিযুক্তকে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাৰ পালে অসম আৰক্ষী