আদাবাৰী, 18 অক্টোবৰঃ ৰাজ্যত নিষিদ্ধ ড্ৰাগছে লৈছে ভয়ানক ৰূপ ৷ যুৱ প্ৰজন্ম ক্ৰমান্বয়ে আসক্ত হৈ পৰিছে নিসিদ্ধ ড্ৰাগছৰ প্ৰতি ৷ শুকুৰবাৰে মহানগৰীৰ আদাবাৰী তিনিআলীত ড্ৰাগছক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাইজে হাতে-লোতে কৰায়ত্ব কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰীজন পাণ্ডুৰ দলন ভট্টাচাৰ্যী বুলি জানিব পৰা গৈছে ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ হয় কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেনাৰ ৷
উল্লেখ্য যে, AS01 EE0740 নম্বৰৰ এখন স্কুটিত লৈ আহিছিল ড্ৰাগছখিনি ৷ ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীটোক উত্তম মাধ্যম শোধাই গটাই দিয়ে জালুকবাৰী আৰক্ষীক ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় আন দুটা সৰবৰাহকাৰী ৷ পলায়ন কৰা সৰবৰাহকাৰী দুটাৰ ওচৰতো বৃহৎ পৰিমাণৰ ড্ৰাগছ মজুত থকাৰ সন্দেহ ৰাইজৰ ৷