ETV Bharat / state

গৃহমন্ত্ৰীয়ে যেনেকৈ আঙুলি টোঁৱাই এই আইন গৃহীত হ’ব বুলি কৈছিল তেনেকৈ উঠাই ল’ব লাগিব : ৰূপম দত্ত

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:34 PM IST

Hit and run law : ক’লা আইনৰ বিৰোধিতাৰে ৰাজ্যত ৪৮ ঘন্টীয়া বন্ধ ৷ ISBT ত শাৰীশাৰীকৈ ৰখাই থোৱা হৈছে দূৰণিবটীয়া বাছসমূহো ৷ হিট এণ্ড ৰান বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ চলাই থকাৰ হুংকাৰ চালকৰ ৷

Driver association protest against hit and run law in ISBT Guwahati
চালকৰ প্ৰতিবাদ
চালকৰ প্ৰতিবাদ

গুৱাহাটী, ৫ জানুৱাৰী : ক’লা আইনৰ বিৰোধিতাৰে ৰাজ্যত ৪৮ ঘন্টীয়া সৰ্বাত্মক বন্ধ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে মটৰ চালকৰ ক্ষোভৰ জুই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মহানগৰীৰ বেতকুচিস্থিত ISBT ত দেখিবলৈ পোৱা গৈছে শাৰীশাৰীকৈ ৰখাই থোৱা হৈছে দূৰণিবটীয়া বাছসমূহো ৷ একপ্ৰকাৰে স্থবীৰ হৈ পৰিছে যান বাহনৰ চলাচল ৷

ISBT তো সদৌ অসম বাছ চালক সন্থাই পালন কৰিছে ৪৮ ঘন্টীয়া কৰ্মবিৰতি । বাছ বন্ধৰ ফলত বিমূৰত পৰিছে দূৰণিবটীয়া যাত্ৰীসকলো ৷ কি কৰিব, ক’লৈ যাব, নিৰুপায় সকলো ৷ মটৰ চালক সন্থাৰ এটাই দাবী, ‘‘হিট এণ্ড ৰান বাতিল নকৰা পৰ্যন্ত চলি থাকিব চালক এই প্ৰতিবাদ ৷ কোনো পধ্যেই মানি লোৱা নহয় কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া হিট এণ্ড ৰান আইন ৷ ’’

ইফালে গুৱাহাটী আই এছ বি টি ত এখনো বাছ চলাচল‌ কৰা নাই । আনকি গুৱাহাটীত চিটিবাছ আৰু মেজিক চলাচল কৰা নাই । অৱশ্যে পৰিবহন বিভাগৰ বাছ চলাচল কৰি আছে । বন্ধৰ বাবে অফিচ কাচাৰীলৈ সদায় অহা-যোৱা লোকসকল বিভিন্ন ‌সমস্যাৰ সম্মুখীন হ’ব লগাত পৰিছে ৷

মটৰ শ্ৰমিক সংগঠনৰ নেতা বীৰেন‌ শৰ্মাই কয়, ‘‘কেন্দ্ৰীয় চৰকাৰে মটৰ চালকসকলৰ ওপৰত জাপি দিছে হিট এণ্ড ৰান নামেৰে এখন ক’লা আইন । এই আইনৰ অৰ্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি এক দুর্ঘটনা হয় আৰু তাত কোনো পথচাৰী অথবা কাৰোবাৰ মৃত্যু হয় তেতিয়া যদি চালকজনে পলায়ন কৰে তেনেহলে তেওঁৰ ১০ বছৰ পৰ্যন্ত জে’ল আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমণা হ’ব । যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ দিয়ে আৰু জখম হোৱা লোকক চিকিৎসালয়লৈ লৈ যায় তেনেহ'লে তেওঁৰ শাস্তি আধা হ’ব । যদিহে চালকজনৰ কোনো ধৰণৰ দোষ নতুবা ভুল নাথাকে তথাপিও তেওঁৰে শাস্তি হ'ব ৷ কোনেও দুৰ্ঘটনা কৰো বুলি নকৰে ৷ সেয়ে এই আইন মানি লোৱা নহ’ব ৷’’

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা পৰ্যন্ত পৰিবহন বিভাগৰ সৈতে মটৰ চালক সন্থাই মিলিত হৈছিল এক বৈঠকত । সেয়ে আজি (শুকুৰবাৰ) পুনৰ ১১ বজাৰ পৰা পৰিবহন বিভাগৰ লগত বৈঠকত মিলিত হোৱাৰ কথা আছিল চালক সন্থাসমূহৰ । চালকসকলৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলিও তেওঁ উল্লেখ কৰে । অন্যহাতে বন্ধৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ’লে চৰকাৰ জগৰীয়া হ’ব বুলিও দাবী কৰে চালকসকলে ।

এই সম্পৰ্কত ৰূপম দত্তই কয়, ‘‘লাগিলে হাঁহি মুখে মৰি যাম ৷ কিন্তু এই আইন মানি নলওঁ । স্তাৰিং চুবলৈ ভয় খাইছে আমাৰ ড্ৰাইভাৰ সমাজে । গৃহমন্ত্ৰীয়ে যেনেকৈ সংসদৰ মজিয়াত আঙুলিটোৱাই এই ক’লা আইন গৃহীত হ’ব বুলি কৈছিল তেনেকৈ এই আইন উঠাই ল’ব লাগিব’’ ।

আনহাতে, এই কৰ্মবিৰতি আন্দোলনত শেহতীয়াকৈ অংশ লৈছে সদৌ অসম মালবাহী ট্ৰাক আৰু হেণ্ডিমেন সন্থায়ো । মালবাহী ট্ৰাকে সামগ্ৰী নকঢ়িয়ালে লঘোণে মৰিব ভাৰতৰ জন সাধাৰণ । তাৰ বাবে দায়ী হ’ব ভাৰত চৰকাৰ । আইন বাতিল নকৰালৈকে ইয়াতকৈ তীব্ৰ হ’ব প্ৰতিবাদ । চালকে বাহন নচলালে লাওৰ চাং দিব লাগিব বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহে বুলিও মন্তব্য কৰে চালকসকলে ৷

লগতে পঢ়ক : হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে সৰুপথাৰত মটৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.