গুৱাহাটী, ৫ মাৰ্চ: ৰাজ্য চৰকাৰৰ উদ্যোগত শেহতীয়াকৈ ৰাজ্যত নিষিদ্ধ হৈছে বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচাৰ লগতে মেখেলা-চাদৰ আদিৰ বিক্ৰী (Powerloom Gamochas ban in Assam)। সেয়েহে এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি অসমত বিক্ৰী কৰিব নোৱাৰিব পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে (Assamese Weaver fight Handloom vs Powerloom) । ইয়াৰ পিচতেই পাৱাৰলুমৰ গামোচা, চাদৰ-মেখেলা আদিৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ অভিযান চলিছে ।
ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিচতে বহিঃৰাজ্যৰ পৰা অহা বিদ্যুৎ চালিত তাঁতশালত বোৱা পৰম্পৰাগত থলুৱা বস্ত্ৰ সম্ভাৰৰ বিক্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযানত নামিছে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ (Drive against Powerlooms Gamocha in Assam)। ইতিমধ্য়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিছে শ শ পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ । এই বিষয়ে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ এক বিশেষ সূত্ৰই জনোৱা মতে, প্ৰতি বছৰে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয় যদিও এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিচত অধিক তীব্ৰতৰ হৈছে এই অভিযান ।
হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগে উল্লেখ কৰা মতে, গামোচাখনে ভৌগলিক সূচক (GI tag of Gamocha) লাভ কৰাৰ পিচত অসমীয়া গামোচা কেৱল অসমতহে উৎপাদিত হ'ব লাগিব । সেয়েহে বহিঃৰাজ্যত উৎপাদিত গামোচাৰ সৰবৰাহ সম্পূৰ্ণ বন্ধ হ'ব লাগে । ইতিমধ্যে চৰকাৰে পাৱাৰলুমৰ গামোচা মেখেলা-চাদৰ বন্ধৰ বাবে জিলাৰ উপায়ুক্ত সকলক নিৰ্দেশ দিছে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, সমস্যা হৈছে প্ৰতিবাৰে অভিযানত জব্দ হোৱা পাৱাৰলুমৰ গামোচা সঠিকভাৱে প্ৰমাণ দিব নোৱাৰা বাবে অসাধু ব্যৱসায়ীসকল সাৰি যায় । কিয়নো হস্ততাঁত উন্নয়ন আয়ুক্তৰ অনুমোদিত উত্তৰ পূৱৰ বাবে পৰীক্ষাগাৰ আছে কলকাতাত ।
পাৱাৰলুমৰ গামোছাবোৰ জব্দ কৰাৰ পিচত পৰীক্ষাৰ বাবে নমুনা কলকাতালৈ প্ৰেৰণ কৰা হয় । কিন্তু সময় মতে, পৰীক্ষাগাৰটোৰ পৰা সুদত্তৰ নোপোৱাৰ ফলত অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগে । তেনেদৰে সাৰি যায় অসাধু ব্যৱসায়ী সকল । এই অসাধু ব্যৱসায়ীসকল সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰে অসমতে পৰীক্ষাগাৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগে ।
ইপিনে, বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচা ,মেখেলা-চাদৰ আদি প্ৰৱেশ পথতে বন্ধ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগে দাবী কৰিছে । যিহেতু উৎপাদন স্থান বহিঃৰাজ্যত,সেই ৰাজ্য সমূহৰ চৰকাৰৰ লগত আলোচনা কৰি উৎপাদন থলীবোৰ বন্ধ কৰিলে পাৱাৰলুমৰ গামোচা মেখেলা-চাদৰৰ উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হ'ব বুলি হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগে প্ৰকাশ কৰে ।
আনহাতে, ৰাজ্যত ২০১৯ -২০ বৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত পিয়লত অসমত ১২,৮৩৮৮১ গৰাকী শিপিনী এই শিল্পৰ লগত জড়িত হৈ আছে । হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে শিপিনী সকলক হস্ততাঁত শিল্পৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । তাৰ ভিতৰত এক উল্লেখযোগ্য আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী (Swanirbhar Nari Scheme)। এই আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে উৎপাদন কৰা ৩১ বিধ হস্ততাঁত সামগ্ৰী কোনো মধ্যভোগী নোহোৱাকৈ চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে । প্ৰতিখন জিলা মহকুমাত মুঠ ১০০ টা ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে । ১৩ জানুৱাৰীৰ পৰা উক্ত ক্রয় কেন্দ্ৰসমূহৰ যোগেদি এই শিপিনী সকলৰ পৰা অনুমোদিত বস্ত্ৰ ক্ৰয় কৰা হৈছে । যোৱা ৩ মাৰ্চলৈ ৫,০৫,৪৬, ৮৩৫ টকা মূল্যৰ ১,০০, ৮৮৬ বিধ হস্ততাঁত উৎপাদিত সামগ্ৰী বিভাগটোৱে ক্ৰয় কৰিছে ।