ETV Bharat / state

মুখ্যমন্ত্ৰী সমষ্টিৰ ৭নং ৱাৰ্ডত ১২ বছৰে সমাধান নহ'ল খোৱাপানীৰ সমস্যা - Guwahati Water Supply Project

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 (GMC elections 2022) লৈ মাজত আৰু কেইটামান দিন বাকী ৷ এতিয়া সকলো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হৈছে গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান কৰা ৷ এই সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট...

মুখ্যমন্ত্ৰী সমষ্টিৰ ৭নং ৱাৰ্ডত ১২ বছৰে সমাধান নহ'ল খোৱা পানীৰ সমস্যা

author img

By

Published : Apr 16, 2022, 9:34 AM IST

গুৱাহাটী, 16 এপ্ৰিল : আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022ক(GMC elections 2022) কেন্দ্ৰ কৰি গুৱাহাটী খোৱাপানীৰ সমস্যাক পুনৰ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । তথ্য অনুসৰি, গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰে খোৱাপানীৰ ভীষণ সমস্যা আছে (Drinking water crisis in Guwahati) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰ নিগমৰ অন্তৰ্গত জালুকবাৰী সমষ্টিটো খোৱাপানীৰ সমস্যা আছে । পৌৰ নিগমৰ অন্তৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ 7 নং ৱাৰ্ডত খোৱাপানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । কংগ্ৰেছত থকাৰ সময়ত তিনিবাৰকৈ 15 বছৰ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব থকা হিমন্ত বিশ্ব শৰ্মাই বি জে পিত যোগ দি পুনৰ কিছু বছৰৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব থকাৰ পিছত মুখ্যমন্ত্ৰীৰ গাদী দখল কৰে ।

তাৰ পিছতো পৌৰ নিগমৰ অন্তৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ 7 নং ৱাৰ্ডৰ মানুহে বৰ্তমানো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে । খোৱাপানী সমস্যাৰ সন্দৰ্ভত পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ বাসিন্দা বিজন ৰায়ে কয় যে, এই এলেকাৰ খোৱাপানীৰ সমস্যা বহু পুৰণি । গৰম দিনতো খোৱাপানীৰ ভীষণ সমস্যা হয় । পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ মাত্ৰ 30 শতাংশ মানুহে লাভ কৰে চৰকাৰীভাৱে যোগান ধৰা খোৱাপানী (Guwahati Water Supply Project) ।

লগতে পঢ়ক : Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত

পৌৰ নিগমৰ অধীনৰ কামাখ্যা পানী যোগান প্ৰকল্পৰ পৰা মাজে মাজে একাংশ লোকে খোৱাপানী পায় যদিও পানীৰ গুণগতমান অতি নিম্ন মানৰ অৰু অনিয়মীয়া । পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ পানী বৰ্তমানেও বহু মানুহে লাভ কৰা নাই । বহু বছৰ আগতে পানীৰ পাইপ স্থাপন কৰিছিল । কিন্তু পানীৰ পাইপ স্থাপন কৰাৰ পাচতো সেই পাইপেৰে নাহিল পানী ৷ সেই পাইপ বৰ্তমান পৰিত্যক্ত অৱস্থা পৰি ৰৈছে ।

ইপিনে পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ আন এগৰাকী বাসিন্দা হিমাংশু দাসে কয় যে, ৱাৰ্ডৰ অধিকাংশ মানুহে বৰ্তমানো লাভ কৰা নাই চৰকাৰী বিশুদ্ধ খোৱাপানী । ৱাৰ্ডৰ অধিকাংশ মানুহে বিশুদ্ধ খোৱাপানী ক্ৰয় কৰিহে খাব লাগে । যাৰবাবে পানীৰ বাবে দৈনিক 500 টকা খৰছ হয় এটা পৰিয়ালৰ ।

গুৱাহাটীৰ স্থানীয় লোক

পৌৰ নিগমৰ 7 নং ৱাৰ্ডৰ আন এগৰাকী বাসিন্দা ৰাহুল দাসে কয় যে, বহু বছৰৰ পৰা এই এলেকাৰ জটিল সমস্যাটো হৈছে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ যাৰ সমাধানৰ আজি পৰ্যন্ত হোৱা নাই ৷ উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে জালুকবাৰীৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনৰ JNNURM আঁচনিৰ জৰিয়তে চলি থকা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে পাণ্ডুৰ 700 পৰিয়ালক খোৱাপানী দিয়া ব্যৱস্থা আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতাল : মুখ্যমন্ত্ৰী

বৰ্তমান সেই 700 ৰ পৰা আৰু অধিক পৰিয়াললৈ সম্প্ৰসাৰণ কৰিব পৰা নাই । অৱশ্যে বৰ্তমান এই খোৱাপানীৰ বাবদ কোনো মাচুল লোৱা নাই চৰকাৰে । তথ্য অনুসৰি, 700 পৰিয়ালক যোগান ধৰি থকা পানী যোগানো বৰ্তমান অনিয়মীয়া । প্ৰকৃতাৰ্থত নিৰ্বাচনী চমকৰ বাবে এই মানুহখিনিক পানীৰ নামত আভুৱা ভৰা হৈছিল । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

আনহাতে, 2009-10 চনত JNNURM আঁচনিৰ জৰিয়তে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম 2011-12 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু প্ৰকল্পৰ কাম আজিও সম্পূৰ্ণ হোৱা নাই । এই প্ৰকল্পৰ জৰিয়তে পশ্চিম গুৱাহাটীৰ 2 লাখ 50 হাজাৰ মানুহক খোৱাপানী যোগান ধৰা কথা আছিল । কিন্তু চৰম অনিয়ম আৰু দুৰ্নীতিৰ বাবে প্ৰকল্পটোয়ে বৰ্তমানলৈ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা হোৱা নাই ।

শেহতীয়াভাৱে প্ৰকল্পটোৰ 51.55 কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰকল্পটো ৰূপায়ন কৰি থকা ''Gammon engineers and contractors private limited'' য়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰকল্পটোৰ 51.55 কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য সদৰী কৰিছে ।

''Gammon engineers and contractors private limited'' মহাপ্ৰৱন্ধক এম কে বাৰ্মাই শেহতীয়াভাৱে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা মতে, পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ 49.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ ধ্বংস হৈছে ।

লগতে পঢ়ক : GMC Election 2022 : ১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.