গুৱাহাটী, 1 জুলাইঃ কৃষকনেতা অখিল গগৈৰ মুক্তি বিচাৰি চৰকাৰলৈ আহ্বান জনালে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ, প্ৰাক্তন বিধায়ক ডঃ সুনিলমে ৷ এক ভিডিঅ'যোগে তেওঁ উল্লেখ কৰে, ইতিমধ্যেই অখিল গগৈয়ে কাৰাগাৰত ২০০ দিন অতিক্ৰম কৰিলে আৰু বিগত কেইবাদিনো ধৰি তেওঁ আমৰণ অনশন কৰি আছে ৷ যাৰ ফলত সম্প্ৰতি কাৰাবন্দী কৃষকনেতা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ আনকি কৃষক নেতা গৰাকীৰ পত্নীকো তেওঁক লগ কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই বুলি উল্লেখ কৰে কিষাণ সংঘৰ্ষ কমিটীৰ কাৰ্যকৰী অধ্যক্ষ গৰাকী ৷
ভিন ভিন অভিযোগ উত্থাপন কৰি জামিন পোৱাৰ পিচতো অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে বুলিও মন্তব্য কৰে ডঃ সুনিলমে ৷ নাগৰিকত্ব সংশোধনী আইন, বৃহৎ নদীবান্ধ আদিৰ বিৰোধ কৰা অখিল গগৈক, অসমৰ কণ্ঠ আৰু সিংহ হিচাপে অভিহিত কৰি কৃষক নেতা গৰাকীক অতি শীঘ্ৰেই মুকলি কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়কঃ চিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া