ETV Bharat / state

Chancellor of Nagaland University: ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 6:41 AM IST

Updated : Aug 30, 2023, 8:21 AM IST

বিশিষ্ট সাংবাদিক ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে নিযুক্ত ৷ ৰাষ্ট্ৰপতিয়ে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা শিক্ষা মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ড৹ কাশ্যপক উক্ত পদত নিযুক্তি দিছে ।

Chancellor of Nagaland University
ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য

গুৱাহাটী, ২৯ আগষ্ট : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বিশিষ্ট সাংবাদিক, লেখক তথা অসমৰ প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত ড৹ সমুদ্ৰ গুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে নিযুক্তি দিছে । নাগালেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে মঙলবাৰে জাৰি কৰা এক জাননীত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশ্ববিদ্যালয়ৰ ভিজিটৰ হিচাপে তেওঁৰ ক্ষমতাৰ অধীনত ড৹ সমুদ্ৰ গুপ্ত কাশ্যপক আগন্তুক পাঁচ বছৰৰ বাবে নিযুক্তি দিছে ।

ৰাষ্ট্ৰপতিয়ে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা শিক্ষা মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ড৹ কাশ্যপক উক্ত পদত নিযুক্তি দিছে ।

কটন কলেজৰ পৰা ইংৰাজীত স্নাতকোত্তৰ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন (নতুন দিল্লী)ৰ 1985-86 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ড৹ সমুদ্ৰ গুপ্ত কাশ্যপে নিজৰ সুদীৰ্ঘ সাংবাদিকতাৰ কৰ্মজীৱনত যাত্ৰা আৰম্ভ কৰিছিল প্ৰান্তিক নামৰ এখন অসমীয়া পষেকীয়া আলোচনীৰ পৰা, তাৰ পিছত দৈনিক অসম নামৰ বাতৰি কাকতৰ সৈতে এক দশক ধৰি যুক্ত আছিল তেওঁ ।

প্ৰায় দুই দশক ধৰি দেশৰ আগশাৰীৰ ইংৰাজী সংবাদপত্ৰ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ জড়িত ড৹ সমুদ্ৰ গুপ্ত কাশ্যপে সক্ৰিয় সাংবাদিকতাক বিদায় জনোৱাৰ পূৰ্বে সৈতে কাকতখনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

উল্লেখ্য যে ৰাজ্যৰ অন্যতম জ্যেষ্ঠ সাংবাদিক হিচাপে পৰিচিত ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ কেইবাটাও শিক্ষানুষ্ঠানৰ সৈতেও জড়িত হৈ আছে যাৰ ভিতৰত আছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ডেমক্ৰেটিক লিডাৰশ্বিপ, অ’কেডি ইনষ্টিটিউট অৱ ছ’চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট, চেণ্টাৰ ফৰ চাউথ-ইষ্ট এছিয়ান ষ্টাডিজ (গুৱাহাটী বিশ্ববিদ্যালয়) আৰু জেবি কলেজ ।

এজন দ্বিভাষিক লেখক হিচাপেও পাঠক সমাজত পৰিচিত ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ ইংৰাজী আৰু অসমীয়া ভাষাত বিশখনতকৈও অধিক কিতাপৰ সহ-লেখক ৷ শেহতীয়াকৈ তেওঁ অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক: Debabrata Saikia: ১০০ খন কেবিনেটৰ সিদ্ধান্তক লৈ শ্বেতপত্ৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ

Last Updated : Aug 30, 2023, 8:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.