গুৱাহাটী, ২৬ মে': গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক, "পাতাল ভৈৰৱী"ৰ স্ৰষ্টা ড৹ লক্ষ্মীনন্দন বৰা । সম্প্ৰতি গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ইতিমধ্যে আই চি ইউত ভৰ্তি কৰোৱা হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰাত ২০ মে'ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাক ৷ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ গতি কৰাত ২৪ মে'ত তেওঁক ক'ভিড আই চি ইউত ভৰ্তি কৰোৱা হয় । কিন্তু যোৱা ২৪ ঘন্টাত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ