গুৱাহাটী, 21 জুলাই: শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ সন্দৰ্ভ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷
মণিপুৰৰ ঘটনাক লৈ কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰৰ ঘটনাক আমি নিন্দা কৰিছোঁ ৷ কিন্তু মণিপুৰক লৈ কংগ্ৰেছে আমাক টাৰ্গেট কৰিব নালাগে ৷ দুই যুৱতীক বিবস্ত্ৰ কৰি সমদল উলিওৱা সন্দৰ্ভত তেওঁ কয় যে এই ঘটনাত মণিপুৰ নামটো বাৰে বাৰে উচ্চাৰণ হ’ব নালাগে ৷ আমি ঘটনাক লৈ দুখ প্ৰকাশ কৰিছো ৷
কংগ্ৰেছে মণিপুৰৰ বিৰুদ্ধে কথা কৈ আছে বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছ শাসিত ৰাজ্যত এনে ঘটনা সংঘটিত নহয় নেকি বুলিও প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাজ্যখনক এই ঘটনাক লৈ অপমানিত কৰিব নালাগে ৷ ঘটনাৰে জড়িত থকা সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে বুলি শাস্তি প্ৰদান কৰিব লাগে ৷ কিন্তু এই ঘটনাক লৈ মণিপুৰ বা সমগ্ৰ উত্তৰ-পূবক লক্ষ্য কৰি ল’ব নালাগে ৷ কংগ্ৰছ শাসিত ৰাজ্যত এনে ঘটনা দৈনিক সংঘটিত হৈ আছে ৷ ৰাজস্থানতো এনে ঘটনা সংঘটিত হৈছে আৰু অসমতো ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে ৷’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে মণিপুৰৰ চৰকাৰে এই ঘটনাক লৈ এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিব লাগে যাতে আদালতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব পাৰে ৷ ইফালে মণিপুৰৰ ঘটনাক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ড৹ শৰ্মাই ৷ তেওঁ কয় যে পশ্চিম বংগত দৈনিক কিমান ধৰ্ষণৰ ঘটনা হৈছে চাওক মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জী দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হৈ আছে কিন্তু তেওঁৰ শাসনত পশ্চিম বংগত ধৰ্ষণ শেষ হৈছে নেকি বুলিও প্ৰশ্ন কৰে ড৹ শৰ্মাই ৷
মণিপুৰৰ এই ঘটনাত মহিলা আৰু মহিলাৰ সন্মান জড়িত হৈ আছে ৷ গতিকে ইয়াক ৰাজনৈতিক অস্ত্ৰ হিচাবে নল’ব বুলিও বিৰোধীক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ প্ৰশ্ন কৰি কয়, ‘‘এই ঘটনাত কোনো বিজেপিৰ লোক জড়িত নাই, TMCৰ লোক জড়িত নাই; কিন্তু কিয় ইয়াক ৰাজনৈতিক ইচ্ছ্যু কৰা হৈছে ৷’’
লগতে পঢ়ক: Manipur Crisis: মিজোৰামত আশ্ৰয় লোৱা মণিপুৰৰ মেটেইক মিজোৰাম ত্যাগ কৰাৰ আহ্বান