ETV Bharat / state

আঢ়ৈ দশকৰ পিছত আমেৰিকাত বাস্তৱায়িত হ'ল ডাঃ ধনীৰাম বৰুৱাৰ সপোন - pig heart transplant

আমেৰিকাৰ শল্য চিকিৎসকে সফলতাৰে মানৱ দেহত সংৰোপণ কৰিলে গাহৰিৰ বৃক্ক । প্রথমবাৰৰ বাবে মানৱ দেহত গাহৰিৰ বৃক্কৰ সফল সংৰোপণ কৰি আমেৰিকাৰ শল্য চিকিৎসকে চিকিৎসাখণ্ডত যুগান্তকাৰী সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে । ৯০ৰ দশকতে ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ সোণাপুৰত থকা হাৰ্ট চিটীত এজন লোকৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিছিল । কিন্তু ডাঃ বৰুৱা সফল হোৱা নাছিল আৰু সেই ৰোগীজনৰ মৃত্যু হৈছিল । যাৰ বাবে তেওঁ ৪০ দিন জে'ল খাটিব লগা হৈছিল । সবিশেষ জানো আহক ৷

doctor dhaniram baruah's dream came true after Two and a half decade of his controversial medical experiment
আঢ়ৈ দশকৰ পিছত আমেৰিকাত বাস্তৱায়িত হ'ল ডাঃ ধনীৰাম বৰুৱাৰ সপোন
author img

By

Published : Oct 21, 2021, 4:33 PM IST

গুৱাহ‍াটী, ২১ অক্টোবৰ : ডাঃ ধনীৰাম বৰুৱা । প্ৰায় আঢ়ৈ দশক পূৰ্বে বিশেষভাৱে চৰ্চাত থকা অসমৰ এইজন চিকিৎসক পুনৰ চৰ্চালৈ আহিছে । প্ৰায় আঢ়ৈ দশকৰ পূৰ্বে এইজন চিকিত্‍সকে অসমত দেখা এটা সপোন বাস্তৱ হ’ল আমেৰিকাত । মানৱ শৰীৰত সফলতাৰে সংৰোপণ কৰা হ’ল গাহৰিৰ বৃক্ক ৷ ৯০ৰ দশকতে ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ সোণাপুৰত থকা হাৰ্ট চিটীত এজন লোকৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিছিল । কিন্তু ডাঃ বৰুৱা সফল হোৱা নাছিল আৰু সেই ৰোগীজনৰ মৃত্যু হৈছিল ৷ ১৯৯৭ চনত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপণ কৰাৰ অভিযোগত ৪০দিন জে'ল খাটিব লগা হৈছিল ।

৩২ বছৰীয়া ৰোগীজন গাহৰিৰ হৃৎপিণ্ডৰে ৭ দিন জীয়াই আছিল বুলি জনা যায় । সেই সময়ত ডাঃ বৰুৱাই অৱশ্যে দাবী কৰিছিল যে, লোকজনৰ শৰীৰত প্ৰথমতে সংৰোপণ কৰা মানৱ শৰীৰৰ হৃদযন্ত্ৰই কাম কৰা নাছিল । কিন্তু সেই সময়ত তেওঁৰ কথা কোনেও শুনা নাছিল তথা শুনাৰ পৰিৱেশো নাছিল । সেই সময়ত সেই ঘটনাই সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়া হৈছিল । ডাঃ বৰুৱা ৰঙাঘৰত সোমাবলগীয়া হৈছিল । বিভিন্ন ধৰণে তেওঁক সমালোচনাৰে থকা-সৰকা কৰা হৈছিল, আনকি চিকিত্‍সক সমাজো তেওঁৰ বিৰুদ্ধে থিয় দিছিল ।

সেই ঘটনাৰ পাছত ডাঃ ধনীৰাম বৰুৱাই বিভিন্ন সময়ত বিভিন্ন ধৰণে অত্যাচাৰৰ সন্মুখীন হৈছিল । কিন্তু সুদীৰ্ঘ প্ৰায় আঢ়ৈটা দশকৰ পাছত তেওঁৰ সেই গৱেষণা তথা সপোনে আমেৰিকাত সফল ৰূপ পালে । প্রথমবাৰৰ বাবে মানৱ দেহত গাহৰিৰ বৃক্কৰ সফল সংৰোপণ কৰি আমেৰিকাৰ শল্য চিকিৎসকে চিকিৎসাখণ্ডত যুগান্তকাৰী সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে । আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত এজন ৰোগীৰ দেহত চিকিৎসকৰ দল এটাই গাহৰিৰ বৃক্ক সংৰোপণ কৰিলে ।

বৃক্ক সংৰোপণৰ পাছত ৰোগীজনৰ প্রতিৰোধী ব্যৱস্থাত কোনোধৰণৰ নেতিবাচক প্রতিক্রিয়া হোৱা নাই । ইয়ে শল্য চিকিৎসকৰ দলটোক মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণৰ পৰীক্ষণত সফলতা অনাত সহায় কৰিলে। চার্জন ডাঃ ৰবার্ট মণ্টগোমাৰীয়ে নেতৃত্ব লোৱা এই সফল গৱেষণা চলোৱা হৈছে এন ৱাই ইউ লেংগন হেল্থত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলা ৰোগীৰ দেহত । মগজুৰ লগতে মহিলাগৰাকীৰ বৃক্ক প্রায় বিকল হৈ পৰাৰ পাছত শল্য চিকিৎসকৰ দলটোৱে পৰিয়ালৰ সন্মতি সাপেক্ষে লাইফ ছাপৰ্টত নিয়াৰ পূর্বে মহিলাগৰাকীৰ বৃক্কটো আঁতৰাই গাহৰিৰ বৃক্ক সংৰোপণ কৰে ।

মহিলাগৰাকীৰ দেহত গাহৰিৰ বৃক্কটো সংৰোপণ কৰাৰ পাছত মহিলাগৰাকীৰ তেজ চলাচলকে ধৰি শৰীৰৰ বাহ্যিক দিশতো সকলো সঠিক হৈ থাকে । বৃক্ক সংৰোপণৰ পাছত মহিলাগৰাকীৰ শৰীৰৰ সকলো ব্যৱস্থা প্রায় স্বাভাৱিক হৈ থাকে বুলি প্রকাশ কৰিছে চার্জন মণ্টগোমাৰীয়ে । চার্জনগৰাকীয়ে প্রকাশ কৰা মতে মহিলাগৰাকীৰ অস্বাভাৱিক ক্রিয়েটিনাইনৰ পর্যায় আৰু প্রায় বিফল বৃক্ক আঁতৰাই দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ পাছত পুনৰ স্বাভাৱিক অৱস্থালৈ উভতি আহে । তিনি দিন ধৰি গৱেষকে মহিলাগৰাকীৰ শৰীৰৰ সূক্ষ্ম পর্যবেক্ষণৰ অন্তত গাহৰিৰ বৃক্কই মানৱ বৃক্কৰ দৰেই কার্যক্ষম হৈ থাকে বুলি নিশ্চিত হয় ।

সবাতোকৈ গুৰুত্বপূর্ণ যে আমেৰিকাৰ চিকিৎসকে ৰুগ্ন মহিলাগৰাকীৰ দেহত সংৰোপণ কৰা গাহৰিৰ বৃক্কটো সম্পূর্ণ স্বাভাৱিক, ইয়াত কোনো কৃত্রিমতা নাই । উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রত প্রায় ১.৭ লাখ লোক দেহৰ বিকল অংগ সংৰোপণৰ বাবে গভীৰ অপেক্ষাত আছে । ইয়াৰ ভিতৰত ৯০ হাজাৰতকৈ অধিক লোক বৃক্ক সংৰোপণৰ বাবে অপেক্ষাত আছে । এনে সময়তে চিকিৎসকৰ দলে মানৱ দেহত অন্য প্রাণীৰ বিশেষকৈ গাহৰিৰ বৃক্ক সফলতাৰে সংৰোপণ কৰা সাফল্যই বিশ্বৰ চিকিৎসা খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।

মানৱ ইতিহাসত এই আৰম্ভণিক এক মাইলৰ খুটি বুলি অভিহিত কৰিছে চিকিত্‍সা বিজ্ঞানে । কিন্তু জনা নজনাকৈ এই সফলতাৰ বাট এদিন অসম মুলুকতে কাটিছিল এজন অসমীয়াই। যাক তেতিয়া ধিক্কাৰ দিছিল তেওঁৰ নিজৰ মানুহখিনিৰ লগতে সমগ্ৰ বিশ্বই । হয়টো সেই সময়ত তেওঁক গৱেষণাৰ সুযোগ-সুবিধা দিয়া হ'লে বহু বছৰ পূৰ্বেই চিকিৎসা বিজ্ঞানে এই সফলতা অৰ্জন কৰিলে হয় ।

লগতে পঢ়ক : কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.