গুৱাহাটী, ২৬ নৱেম্বৰ : পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ(Ranjit Bora Murder Case) ছদিন অতিক্ৰম কৰা পিছতো মহানগৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে । হত্যাকাণ্ডৰ দিনটোতে হত্যাকাৰীৰ ক্লু পোৱা বুলি দাবী কৰা আৰক্ষীয়ে আজিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰীক ।
মহানগৰ আৰক্ষীয়ে নিজৰ ব্যৰ্থতা উদঙাই ইতিমধ্যে হত্যাকাৰীৰ সন্ধান দিওতালৈ দুই লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে (Reward to informer of Ranjit Bora murderer)। ইয়াৰ মাজতে শুকুৰবাৰে নিশা হত্যাকাণ্ড(Ranjit Bora Murder Case) সন্ধৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । গঁড়চুক আৰক্ষীয়ে শনিবাৰে মহানগৰীৰ সাউকুছিৰ পৰা বাক্সাৰ বিজু বসুমতাৰী(৩২) নামৰ লোকজনক আটক কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, ২১ নৱেম্বৰত গুৱাহাটী মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড । বেংকত টকা জমা থ'বলৈ যোৱা পূৰৱী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । আঢ়ৈ লাখ টকা জমা দিবলৈ ছয়মাইলৰ আইচিআইচিআই বেংকলৈ গৈছিল পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰা (Firing at Panjabari Guwahati)।
কিন্তু বেংকত প্ৰৱেশ কৰিবলৈ নাপালে বৰাই । ইয়াৰ পূৰ্বেই বেংকৰ সন্মুখত বৰাৰ ৱাগেনৰ গাড়ীৰ ভিতৰত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি লু্টি লৈ যায় টকাখিনি । আনহাতে ৰঞ্জিত বৰাৰ মৃত্যুৰ সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ(Dispur police station) দাখিল কৰে ভাতৃ শোণিত কুমাৰ বৰাই । ভাতৃৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ২৪৭৯/২২ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।
লগতে পঢ়ক : Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ