ETV Bharat / state

বানৰ লগত মোকাবিলা কৰিবলৈ 55.85 কোটি টকা - assam news

বন্যাৰ্তৰ সাহাৰ্যৰ বাবে 55.85 কোটি টকা মোকলাই দিয়াৰ কথা জানিবলৈ দিয়ে ।

ৰাজ্যত বানৰ সংহাৰী ৰূপ
author img

By

Published : Jul 14, 2019, 11:40 PM IST

গুৱাহাটী, 14 জুলাইঃ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ । ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত । দেওবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে । আনহাতে, বৰ্তমান যোৰহাট, কামৰূপ, তেজপুৰ, গোৱালপাৰা, ধুবুৰী, গোলাঘাট, নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমা অতিক্ৰম কৰিছে । বানাক্ৰান্তৰ সহায়ৰ বাবে বানপীড়িত অঞ্চললৈ SDRF-NDRF বাহিনী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে । বন্যাৰ্তৰ সাহাৰ্যৰ বাবে 55.85 কোটি টকা মোকলাই দিয়াৰ কথা জানিবলৈ দিয়ে ।

etv bharat assam
ৰাজ্যত বানৰ সংহাৰী ৰূপ

গুৱাহাটী, 14 জুলাইঃ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ । ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত । দেওবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে । আনহাতে, বৰ্তমান যোৰহাট, কামৰূপ, তেজপুৰ, গোৱালপাৰা, ধুবুৰী, গোলাঘাট, নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমা অতিক্ৰম কৰিছে । বানাক্ৰান্তৰ সহায়ৰ বাবে বানপীড়িত অঞ্চললৈ SDRF-NDRF বাহিনী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে । বন্যাৰ্তৰ সাহাৰ্যৰ বাবে 55.85 কোটি টকা মোকলাই দিয়াৰ কথা জানিবলৈ দিয়ে ।

etv bharat assam
ৰাজ্যত বানৰ সংহাৰী ৰূপ
Intro:ৰহা সমষ্টিৰ বিস্তৃত অঞ্চলত বানৰ তাণ্ডৱ।
লক্ষাধিকলোক ক্ষতিগ্ৰস্ত। বান ক্ষতিগ্ৰস্তৰ পৰিস্থিতি বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিয়ে।Body:ৰাজ্যৰ চৌদিশে  প্ৰলয়ংকাৰী বানৰ তাণ্ডবে জনসাধাৰণক ত্ৰাহি মধূসূধন দেখুৱাই থকাৰ মাজতে পুনৰ মধ্য অসমৰ ৰহাত বানপানীৰ তাণ্ডৱে হাহাকাৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে দুদিন পূৰ্বে কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ পিছত কপিলী নদীৰ জলপৃষ্ঠ অভাৱনীয় ভাৱে বৃদ্ধি পাই উপনৈ বোৰত সোমাই পৰে। ফলত নিশাৰী,বৰপানী, কলং নদী আদি ফেনে-ফুটুকাৰে বাঢ়ি ৰহা সমষ্টিৰ সমগ্ৰ দক্ষিণাঞ্চল বুৰাই পেলাই। জানিব পৰামতে কপিলী নদীত বৃদ্ধি হোৱা জলপৃষ্ঠই বৰপানী নদীত পৰা লগে লগে ৰহা বিধান সভা সমষ্টিৰ তথা ৰহা ৰাজহ চক্ৰ আৰু কামপুৰ ৰাজহ চক্ৰৰ শতাধিক গাঁও বানপানীয়ে বুৰাই পেলাই। ইয়াৰ ভিতৰত ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত মাগুৰগাঁও পঞ্চায়তৰ শালমাৰা, মাগুৰগাঁও, নেলীপাৰ, শিউগুৰি, নলডোবা, জৰডোবা , বসুন্ধৰী, আমতলা পঞ্চায়তৰ  আমতলা, পিপৰা গাঁও ,দৰঙীগাঁও, ধৰমুখ, নলডোবা, চেঙাজান, মীনাবজাৰ, বাজবাটমাৰী, চৰাইজুৰীয়া ,প্ৰমিলা পঞ্চায়তৰ ১ আৰু ২ নং মিছামাৰী, ১আৰু ২ নং পুঠিমাৰী, গৌৰাঙ্গপাৰ, ৰাধানগৰ, ত্ৰিপুৰাবস্তি, ফলিহামাৰী , কৃষ্ণনগৰ, কমাৰগাঁও  পঞ্চায়তৰ বৰুণগুৰি, হাতীগড়, লাউপানী আদি বৃহত অঞ্চল বানপানীত বুৰ যায়। জানিব পৰা মতে খেতি পথাৰৰ লগতে বহু আবাস ভূমি আৰু গো-ধনো বানৰ কবলত পৰিছে। ইয়াৰে বহু লোকে প্ৰায় সাত কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰি নিকটৱৰ্তী পাহাৰত গো-ধন সহ অস্থায়ী শিবিৰ স্থাপন কৰিছে যদিও আন একাংশই নিজৰ ওখ ভেটিতে পৰিয়ালৰ লগতে গৰু-ছাগলী-হাঁহ-কুকুৰা আদি বোৰ ৰাখিব লগা হৈছে। একপ্ৰকাৰৰ বৰ্ণনাতীত পৰিবেশৰ মাজত শেহতীয়া তিনিটাকৈ দিন অতিক্ৰম কৰিছে বানাক্ৰান্ত লোকসকলে। স্থানীয় ৰাইজৰ মতে এই বানপানীত আমতলা আৰু মাগুৰগাঁও আৰু প্ৰমিলা পঞ্চায়তৰ প্ৰায় সংখ্যক লোক বানত আক্ৰান্ত হৈছে বুলি মত প্ৰকাশ কৰিছে। আজি এই বানাক্ৰান্তৰ খবৰ লৈ বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লয় অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধি দলে । কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ নেতৃত্বত  গঠিত পাঁচজনীয়া দলটিৰ হৈ বিধায়ক নুৰুল হুদা, ৰহা সমষ্টিৰ  প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস,লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ সহিতে স্থানীয় একাংশ দলীয় কৰ্মী সহ মাগুৰগাঁও, আমতলা পঞ্চায়তৰ লগতে বিভিন্ন ঠাইত বানপিড়িত সকলৰ পৰিস্থিতি বুজ লয়। অন্যহাতে বিধায়ক নুৰুল হুদাই বানপিড়িত সকলে চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অঞ্চলটোত  প্ৰায় অৰ্ধলক্ষাধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰৰ পৰা কোনোধৰণৰ সাহাৰ্য লাভ নকৰাত বিষয়টো জিলা উপায়ুক্তক অৱগত কৰি অতি সোনকালে ব্যৱস্থা ল'বলৈ দাবী জনাই। লগতে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বানপিড়িত সকলক  পৰ্যাপ্ত পৰিমাণে সাহাৰ্য প্ৰদান কৰিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনাই।


    ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.