ETV Bharat / state

ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ৰ দাবী মুখ্যমন্ত্ৰীৰ : প্ৰাৰ্থীকলৈ মতানৈক্য Congress-AIUDFৰ - ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ৰ দাবী মুখ্যমন্ত্ৰীৰ

ৰাজ্যসভাত প্রার্থী প্রক্ষেপক লৈ ঐকমত্যত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Elections) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিব বিচাৰিছে । কংগ্ৰেছে অপেক্ষা কৰিছে দেবব্ৰত শইকীয়াৰ নেতৃত্বত গঠিত কমিটীৰ প্রতিবেদনলৈ । ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

disagreement-between-congress-and-aiudf-for-candidates
প্ৰাৰ্থীকলৈ মতানৈক্য কংগ্ৰেছ-AIUDFৰ
author img

By

Published : Feb 6, 2022, 9:23 AM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰী : ৰাজ্যসভাৰ নির্বাচনৰ বাবে এতিয়া এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপকলৈ মতানৈক্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে(Disagreement between Congress AIUDF over Rajya Sabha Election) । ৰাজ্যসভাৰ নির্বাচন(Rajya Sabha Election 22)সন্দৰ্ভত প্রার্থী প্রক্ষেপক লৈ এই পর্যন্ত সহমতত উপনীত হােৱা নাই কংগ্রেছ আৰু এ আই ইউ ডি এফ । সংখ্যাৰ ফালৰ পৰা খালী হ'বলগীয়া দ্বিতীয়খন আসনত জয়লাভৰ পূর্ণ সম্ভাৱনা আছে বিৰােধী পক্ষৰ । কিন্তু এই পৰ্যন্ত ইয়াক লৈ ৰাজ্যৰ বিৰােধী ৰাজনৈতিক শিবিৰৰ নাই আত্মবিশ্বাস ।

যদিহে আগন্তুক মাহত খালী হ’বলগীয়া দুয়ােখন আসনৰ এখনাে কংগ্ৰেছ কিম্বা বিৰােধীয়ে দখল কৰিবলৈ সক্ষম নহয়, তেন্তে ৰাজ্যসভাত অসমৰ পৰা বিৰােধীৰ প্রতিনিধি হ’ব মাত্র এজন । মুঠ ৭খন আসনৰ ভিতৰত সম্প্রতি বিজেপিৰ ৩জন আৰু অগপৰ এজন সাংসদসহ মিত্রদলৰ সাংসদৰ সংখ্যা ৪জন । অহা মাৰ্চ মাহত মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে দুয়ােখন আসন বিজেপিৰ পক্ষলৈ গ'লে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাব আৰু মিত্ৰজোঁটৰ মুঠ সাংসদৰ সংখ্যা হ’ব ৬জন । একমাত্র বিৰােধী সাংসদজন অসমৰ পৰা হ'বগৈ অজিত কুমাৰ ভূঞা ।

disagreement-between-congress-and-aiudf-for-candidates
সাংসদ অজিত কুমাৰ ভূঞা

কিন্তু আজিপর্যন্ত আত্মপ্রত্যয়ৰে দ্বিতীয়খন আসনত জয়লাভ কৰিব বুলি কংগ্ৰেছ নেতৃত্বই দৃঢ়তাৰে ক’ব পৰা নাই ৷ ইয়াৰ বিপৰীতে বিৰােধী ঐক্য ঠিকে থাকিলে জয় নিশ্চিত বুলিহে মন্তব্য কৰিছে কংগ্ৰেছ নেতৃত্বই । অথচ বি পি এফৰ ৩জন বিধায়কক বাদ দি বিৰােধী শিবিৰত আছে ৪৩জন বিধায়ক আৰু দ্বিতীয়খন আসনত জয়ী হ'বলৈ লাগে ৪২জন বিধায়কৰ সমর্থন ।

আনহাতে কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে(AIUDF gears up for Rajya Sabha Elections) তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিব বিচাৰিছে । পুনৰবাৰ ৰাজ্যসভালৈ যােৱাৰ মন মেলি আকৌ ৰিপুন বৰাই প্রার্থী হ'ব বিচাৰিছে । সভাপতি হৈয়েই উপ-নির্বাচনত মুখথেকেচা খােৱা ভূপেন বৰাৰ বাবে ৰাজ্যসভাৰ নির্বাচন আন এক সন্মানৰ যুঁজ হৈ পৰিছে । তেওঁ নেতৃত্ব লােৱাৰ পাছত দুজন বিধায়ক বিজেপিলৈ গ'ল । আন দুজন বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলীৰ দলত্যাগ প্ৰায় নিশ্চিত ।

শ্বেৰমান আলী-শশীকান্ত দাস

উপ-নির্বাচনৰ বিফলতাৰ পাছত যদি সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যসভাৰ আসনখনাে ভূপেন বৰাই ধৰি ৰাখিব নােৱাৰে তেন্তে তেওঁৰ নেতৃত্বক লৈ কংগ্রেছৰ ভিতৰতেই উত্থাপন হ’ব প্রশ্ন । ইফালে ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ'বলগীয়া আগন্তুক নির্বাচনত এখন আসন লাভ কৰিবলৈ বিজেপি বিৰােধী শক্তিসমূহ একত্রিত হােৱাৰ সমগ্ৰ বিষয়টো সময় আৰু পৰিস্থিতিৰ আহ্বান বুলি মত প্ৰকাশ কৰে প্ৰধান বিৰোধী দল কংগ্ৰেছে । শনিবাৰে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এক বিজ্ঞপ্তিত জৰিয়তে ঐক্যবদ্ধ বিৰােধী শক্তিৰ পােষকতা কৰি এই কথা প্রকাশ কৰে ।

বিজ্ঞপ্তিখনত কোৱা হৈছে যে উল্লিখিত বিষয়টো অনুধাৱন কৰিয়ে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সমগ্ৰ বিষয়টোত ঐক্যমতত উপনীত হ'ব পৰাকৈ এক সর্বোৎকৃষ্ট প্রচেষ্টা চলাবলৈ বিৰােধী দলপতি দেবব্রত শইকীয়াৰ অধ্যক্ষতাত এখন কমিটী ইতিমধ্যেই গঠন কৰি দায়িত্ব ন্যস্ত কৰা হৈছে । এইক্ষেত্ৰত দলৰ শীর্ষ নেতাৰাে পৰামর্শ গ্রহণ কৰা হৈছে ৷ ইয়াৰ লগতে বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে যে দেবব্ৰত শইকীয়া নেতৃত্বাধীন কমিটীখনৰ পূৰ্ণাংগ প্রতিবেদন প্রদেশ কংগ্ৰেছৰ সভাপতিৰ হাতত নপৰালৈকে দলে অপেক্ষা কৰিব লাগিব । তাৰপূৰ্বে কংগ্ৰেছ দলৰ কোনাে ব্যক্তিয়ে অপ্রয়ােজনীয় মন্তব্য কৰিলে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলি বিবেচিত হ'ব আৰু ইয়াৰ দ্বাৰা দলৰ শৃংখলা ভংগ কৰা বুলি গণ্য কৰা হ'ব বুলি বৰাই স্পষ্ট কৰি দিয়ে ।

বিৰােধী দলপতি দেবব্রত শইকীয়া

ইফালে বিজেপি বিৰােধী অৱস্থানত থকা শক্তি বা ব্যক্তিয়ে আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্রার্থিত্বকেন্দ্রিক প্রস্তাৱ উত্থাপন কৰাত কংগ্ৰেছ দলৰ আপত্তি কৰিবলগীয়া একো নাই বুলি স্পষ্ট কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিৰােধী দলপতিৰ নেতৃত্বত গঠিত কমিটীখনে ৰাজ্যসভাৰ প্রার্থিত্বৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলােৰে সৈতে আলােচনামর্মে সহমতত উপনীত হ’ব পাৰিব বুলি কংগ্ৰেছ দলে আশা প্ৰকাশ কৰিছে ।

লক্ষণীয় বিষয় যে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে । আনহাতে কংগ্ৰেছেও এখন আসনত তেওঁলোকৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি উল্লেখ কৰে । কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ’ল যে দুয়োখন আসনতে জয়লাভ কৰিব পৰাকৈ বিজেপি মিত্ৰজোঁট অথবা বিৰোধীৰ শক্তি নাই । বিজেপিৰ এখন আসনত জয় নিশ্চিত যদিও আসনৰ বাবে আৰু অধিক শক্তিৰ প্ৰয়োজন হ’ব । ইয়াৰ বাবে বিজেপিয়ে এ আই ইউ ডি এফ অথবা কংগ্ৰেছৰ বিধায়কৰ সমৰ্থন ল’ব লাগিব ।

তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এ আই ইউ ডি এফৰ সমৰ্থন কোনো কাৰণতে লোৱা নহ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰে । এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কি সমীকৰণৰ জৰিয়তে দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি ক’লে সেইয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই । আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ৰাজ্যসভাৰ আসনক কেন্দ্ৰ কৰি মতভেদৰ সৃষ্টি হৈছে ।

ইফালে কংগ্ৰেছে ৰাজ্যসভাৰ এখন আসনত আগবঢ়াব প্ৰতিদ্বন্দিতা । এই আসনখনৰ বাবে বহু কেইজন কংগ্ৰেছ নেতাৰ নামো চৰ্চালৈ আহিছে । কিন্তু তেনে সময়তে ৰাজ্যসভাত এজন সদস্যক প্ৰক্ষেপ কৰিব বিচাৰিছে এ আই ইউ ডি এফে । ইয়াকে লৈ এতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত আৰম্ভ হৈছে সংঘাত । কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই প্ৰাৰ্থীত্ব আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও তেওঁৰ প্ৰাৰ্থীত্ব এতিয়াও চূড়ান্ত কৰা হোৱা নাই । ৰিপুন বৰাৰ উপৰিও ৰাণী নৰহো এইখন আসনৰ বাবে এগৰাকী প্ৰৱল দাবীদাৰ ।

ৰিপুণ বৰা

আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰ, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নামো দলৰ মাজত চৰ্চাত আছে । অৱশ্যে দলটোৱে কাক প্ৰক্ষেপ কৰিব সেই বিষয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । লক্ষণীয়ভাৱে ৰাজ্যসভা নিৰ্বাচনৰ সমগ্ৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে ।

লগতে পঢ়ক : APCC president Bhupen Bora: দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.