ETV Bharat / state

এইবাৰ অখিল গগৈৰ মুক্তিৰ দাবীত ডিজিটেল আন্দোলন

author img

By

Published : Jul 9, 2020, 6:07 PM IST

বিগত ৭ মাহে কাৰাগাৰত বন্দী হৈ আছে কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি চৰকাৰৰ ৰোষত পৰিছিল এই কেইগৰাকী কৃষক নেতা । বৃহস্পতিবাৰৰ পৰা অখিল গগৈসহ আন 'কা' বিৰোধী নেতাসকলৰ মুক্তিৰ দাবীত সামাজিক মাধ্যমত আৰম্ভ হৈছে হেজটেগেৰে এক ডিজিটেল আন্দোলন ।

digital-protest-on-social-media-to-release-akhil-gogoi
হেজটেগেৰে সতীৰ্থ সহিতে অখিল গগৈক মুক্তিৰ দাবীত ডিজিটেল আন্দোলন

গুৱাহাটী,৯ জুলাই: বিগত ৭ মাহে কাৰাগাৰত বন্দী হৈ আছে কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি চৰকাৰৰ ৰোষত পৰিছিল এই কেইগৰাকী কৃষক নেতা । চৰকাৰে ইটোৰ পিছত সিটো ধাৰা লগাই মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ কৰি তুলিছে । বৃহস্পতিবাৰৰ পৰা অখিল গগৈসহ আন 'কা' বিৰোধী নেতাসকলৰ মুক্তিৰ দাবীত সামাজিক মাধ্যমত আৰম্ভ হৈছে এক ডিজিটেল আন্দোলন । ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকে অখিল গগৈৰ মুক্তিৰ দাবী তুলি সামাজিক মাধ্যমত আৰম্ভ কৰিছে এই হেজটেগৰ ডিজিটেল প্ৰতিবাদ ।

চ'ছিয়েল মেডিয়াত #ReleaseAkhilGogoi #JusticeForAkhilGogoi #ReleaseAllAntiCaaProtesters শীৰ্ষক হেজটেগেৰে আৰম্ভ কৰা এই ডিজিটেল আন্দোলনৰ জৰিয়তে সকলোৱে অখিল গগৈৰ মুক্তিৰ দাবী তুলিছে । উপযুক্ত প্ৰমাণ অবিহনেই গোচৰৰ ওপৰত গোচৰ জাপি অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে বুলি চৰকাৰৰ বিৰুদ্ধে সকলোৱে অভিযোগ কৰিছে । যাৰ বাবে এনেদৰেই হেজটেগেৰে ছ'চিয়েল মেডিয়াত ডিজিটেল প্ৰতিবাদত নামিছে ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ লগতে সাধাৰণ নাগৰিক ।

ইফালে শেহতীয়াকৈ কাৰাগাৰতে অসুস্থ হৈ পৰিছে অখিল গগৈ আৰু তেওঁৰ সতীর্থ সকল । আটাইৰে ক'ভিড পজিটিভৰ স্বাৱ পৰীক্ষা কৰাত ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । বৰ্তমানলৈ অখিল গগৈ আৰু মানস কোঁৱৰৰ স্বাৱ পৰীক্ষাৰ ফলাফল অহা নাই ।

উল্লেখ্য যে, কাৰাৰুদ্ধ অখিল গগৈকে ধৰি আন নেতাসকলৰ আশু আৰোগ্য কামণাৰে বুধবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্তি জ্বলাই ঈশ্বৰক সেৱা আগবঢ়োৱা পৰিলক্ষিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.