গুৱাহাটী, 12 অক্টোবৰ: সোমবাৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱা হয় উপ-আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত অন্যতম অভিযুক্ত দিবন ডেকাৰ লগতে আন চাৰিগৰাকী অভিযুক্ত ক্ৰমে, মনজিৎ বৰা, তৰণি কান্ত বণিক্য, ৰুপম দাস আৰু প্ৰদীপ মজুমদাৰক ৷
বিগত 6 টা দিনে CID জিম্মাত থকা দিবন ডেকাক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পাচত, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ অৱশ্যে CID ৰ তৰফৰ পৰা দিবন ডেকাক তেওঁলোকৰ জিম্মাত ল'বলৈ বিচৰা নাছিল ৷ যাৰ বাবে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে দিবন ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ আনহাতে বাকী 4 জন অভিযুক্তই সুকীয়া সুকীয়াকৈ জামিন আবেদন কৰিছিল যদিও, আদালতে তেওঁলোক আটাইকেইজনৰে জামিন আবেদন নাকচ কৰি পুনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক