ETV Bharat / state

DISTRICT COMMISSIONER: জিলা উপায়ুক্তক এতিয়াৰে পৰা জনা যাব জিলা আয়ুক্ত হিচাবে

author img

By

Published : Jul 18, 2023, 8:35 AM IST

জিলা উপায়ুক্তক এতিয়াৰে পৰা জনা যাব জিলা আয়ুক্ত হিচাবে ৷ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগে সোমবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰিলে এই নিৰ্দেশনা ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 18 জুলাই: এতিয়াৰে পৰা অতীত হ’ল ‘জিলা উপায়ুক্ত’ ৷ এতিয়া জিলা উপায়ুক্তক জনা যাব ‘জিলা আয়ুক্ত’ হিচাবে ৷ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগে সোমবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰিলে এই জাননী ৷ উল্লেখ্য যে তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্ত সন্মিলনতে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত ৷

অসম চৰকাৰৰ প্ৰশাসনিক বিভাগে জাৰি কৰা জাননী অনুসৰি এতিয়াৰে পৰা ডিভিজনেল কমিচনাৰৰ অফিচসমূহ নাথাকিব ৷ ডিভিজনেল কমিচনাৰৰ ক্ষমতা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিবৰ নিয়ন্ত্ৰণত থাকিব ৷ ৰিজনেল কমিচনাৰ পদটো নোহোৱা হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাবে জনা যাব ৷ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷

উল্লেখ্য যে বিগত মে’ মাহত তিনিচুকীয়াত অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীত কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনায় ৷ উল্লেখ্য যে এতিয়াৰে পৰা আয়ুক্তসকলে তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, গেজেটেড আৰু ন’ন গেজেটেড চাকৰিয়ালসকলক জিলাখনৰ ভিতৰত বদলি কৰিব পাৰিব ৷ অৱশ্যে গেজেটেড অফিচাৰক বদলি কৰাৰ ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰা অনুমোদন ল'ব লাগিব ৷

লগতে পঢ়ক: Assam cabinet decisions: গুৱাহাটীত দেশৰ দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে পুঁজি অনুমোদন চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.