ETV Bharat / state

ৰাজ্যত চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই পৰ্যাপ্ত আসন - Students Federation of India

চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰাৰ ক্ষেত্ৰত প্ৰতিবছৰে হাজাৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ আহিছে । কিয়নো ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই প্ৰয়োজনীয় আসন ৷ বিগত বৰ্ষসমূহৰ দৰে এইটো শিক্ষা বৰ্ষতো দেখিবলৈ পোৱা গৈছে অনুৰূপ সমস্যা ৷

Lack of seats in Govt colleges
ৰাজ্যত চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই পৰ্যাপ্ত আসন
author img

By

Published : Jun 13, 2022, 10:11 PM IST

গুৱাহাটী, 19 জুন: ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে এতিয়াও পৰ্যাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ অভাৱ । আনহাতে চৰকাৰী মহাবিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে প্ৰতিবছৰে হাজাৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হয় । বৰ্তমানো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হোৱা নাই যদিও এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় (Lack of seats in Govt colleges)।

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ২,২৯,১৩১ গৰাকী আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত ৫,৭২১ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে । সৰ্বমুঠ উত্তীর্ণ হৈছে ২ লাখ ৩৪ হেজাৰ ৮৫২ গৰাকী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তথ্য অনুসৰি ৰাজ্যত চৰকাৰী উচ্চতৰ মাধ্যমিকত দুই লাখ আসন আছে । ইপিনে চৰকাৰী তথ্য মতে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত মাত্ৰ ১.৭০ লাখহে আসন আছে । ফলত যোৱাটো বৰ্ষত প্ৰায় ৭৬ হাজাৰ উত্তীর্ণ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মহাবিদ্যালয়ত অধ্যয়নৰ পৰা বঞ্চিত হৈছিল (Admission in Govt colleges in Assam)।

2021 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে ২.৪৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । ইয়াৰ ভিতৰত কলা শাখাত ১,৮৯,৭৯৩ গৰাকী শিক্ষার্থীয়ে কৃতকাৰ্যতা লাভ কৰাৰ বিপৰীতে বাণিজ্য শাখাত ১৮,৩৬৪ গৰাকী আৰু বিজ্ঞান শাখাত ৩৮,০৬৮ গৰাকী শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰা হৈছিল । অর্থাৎ উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ২,৪৬,২২৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীর্ণ হৈছিল ।

বৃহৎ সংখ্যক শিক্ষার্থী উত্তীর্ণ হোৱাত উচ্চশিক্ষাৰ আসনক লৈ 2021 বৰ্ষত ভয়ংকৰ সমস্যাৰ সৃষ্টি হয় । ইয়াৰে এটা অংশই উচ্চ শ্ৰেণীত অধ্যয়নৰ বাবে ৰাজ্যৰ চৰকাৰী কোনো শিক্ষানুষ্ঠানতে আসন লাভ নকৰিলে । কিয়নো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীর্ণৰ হাৰৰ বিপৰীতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সমসংখ্যক আসন নাই । চৰকাৰী শিক্ষানুষ্ঠানৰ অভাৱত যোৱা বছৰ ৬১,৮৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত তথা ভেঞ্চাৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ বাধ্য হৈছিল ।

ইপিনে, দেশৰ উচ্চ শিক্ষাৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চলোৱা শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পোৱা মতে অসমৰ ১৮-২৩ বছৰ বয়সৰ প্ৰতি এক লাখ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ ১৫ খনহে কলেজ আছে । বিজেপিয়ে অসমত শাসন কৰা সাতবছৰ হ'ল যদিও শিক্ষার্থীক অধ্যয়ণৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি অভিহিত কৰিছে এছ এফ আই (Students Federation of India)।

ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰংকুশ নাথে(SFI Assam General secretary) কোনো কাৰণতে যাতে অসমৰ ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাক নিশ্চিত কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনাইছে ।

লগতে পঢ়ক: দুবছৰত 34 টা: মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.