ETV Bharat / state

বিপিএফে বিৰোধীৰ ভূমিকা লওক : দেৱব্ৰত শইকীয়া - btc election

বি টি চিত ৰাজ্যপালৰ শাসনক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিপিএফক বিটিএডিত বিৰোধীৰ ভূমিকা পালন কৰিবলৈ আহ্বান ৷

debabrat saikia urge bpf to play the role as opponent

author img

By

Published : May 1, 2020, 9:02 PM IST

গুৱাহাটী, 1 মে' : বি পি এফ দলৰ 17 বছৰীয়া শাসনৰ অন্ত পেলাই বিটিচিত আৰম্ভ হ'ল ৰাজ্যপালৰ শাসন ৷ কিন্তু বিটিচিক ৰাজ্যপালৰ শাসনৰ আঁওতালৈ অনাৰ বাবে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিপিএফ নেতৃত্বই ৷ কৰ'ণা আতংক আৰু লক্ ডাউনৰ ফলত স্থগিত ৰখা হৈছিল বিটিচি নিৰ্বাচন ৷ যাৰ বাবে যোৱা 27 এপ্ৰিলত বিপিএফ দলৰ শাসনৰ ম্যাদ শেষ হোৱাত ৰাজ্যপালে নিজৰ অধীনলৈ আনে শাসনৰ দায়িত্ব ৷

এই সন্দৰ্ভত বিপিএফ আৰু আন দলসমূহৰ মাজত তুমুল বাক-বিতণ্ডা চলি থকাৰ মাজতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, বিপিএফৰ 17 বছৰীয়া শাসনৰ অন্ত পেলাই বিটিচিত যিহেতু ৰাজ্যপালৰ শাসন আৰম্ভ হৈছে, সেয়েহে বি পি এফ দলে এতিয়া বিৰোধীৰ ভূমিকা পালন কৰক । ৰাজ্যপালৰ শাসনৰ সময়ত যদি চৰকাৰ কোনো অন‌্যায় কৰ্মত লিপ্ত হৈছে, তেন্তে তাৰ বিৰুদ্ধে মাত মতা উচিত অৰ্থাৎ যেতিয়ালৈ নিৰ্বাচন নহয় ৷

বিপিএফে বিৰোধীৰ ভূমিকা লওক : দেৱব্ৰত শইকীয়া

ইয়াৰ লগতে বিপিএফৰ সদায়ে শাসনত বহি থাকিব বিচৰা মানসিকতাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ৰাজ‍্যপালৰ শাসনৰ পিচত ক'ৰ্টত পি আই এল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি এনেদৰে শাসনত বহিব বিচৰাটো ৰাজনৈতিক দলৰ বাবে শুভ নহয়।

লগতে পঢ়ক : ভুৱা বাতৰিৰ বিৰুদ্ধে কাৰ্টুনেৰে সজাগতা অভিযান নিতুপৰ্ণ ৰাজবংশীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.