ETV Bharat / state

মহানগৰীৰ বুকুতেই আছে ১৭৯ বছৰ পুৰণি গীৰ্জা - GUWAHATI CHRIST CHURCH

গৌহাটী খ্ৰীষ্ট চাৰ্চ নামেৰে পৰিচিত গীৰ্জাটো স্থাপন কৰা হৈছিল ১৮৪৪ চনত । গীৰ্জাটোৰ বুকুতেই লিখা আছে সোণালী ইতিহাস ।

Christmas celebration in Guwahati
১৭৯ বছৰ পুৰণি গুৱাহাটী খ্ৰীষ্ট চাৰ্ছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

গুৱাহাটী: আজি পবিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে বৰদিন । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰদিনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । মহানগৰীত থকা গীৰ্জাসমূহত আৰম্ভ হৈছে ভিৰ । এই গীৰ্জাসমূহৰ মাজতেই জিলিকি আছে উত্তৰ-পূৰ্বাঞ্চলৰ অটাইতকৈ পুৰণি গীৰ্জাটো । ক'ত আছে এই পুৰণি গীৰ্জাটো ?

লিখা আছে সোণালী ইতিহাস :

১৭৯ বছৰ পূৰ্বে মহানগৰীৰ নাভিকেন্দ্ৰত স্থাপিত এই ঐতিহাসিক গীৰ্জাটোৰ বুকুতেই লিখা আছে সোণালী ইতিহাস । উত্তৰ-পূৰ্বাঞ্চলৰ অটাইতকৈ পুৰণি গীৰ্জাটোত আজি বৰদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । ১৮৪৪ চনতে গুৱাহাটীৰ পাণবজাৰত স্থাপন কৰা হৈছিল গুৱাহাটী খ্ৰীষ্ট চাৰ্চ (Christ)। বৃটিছৰ শাসন কালতে স্থাপন হোৱা এই গীৰ্জাটোৱে মহানগৰীৰ বিভিন্ন ঘটনা পৰিঘটনাৰ উত্থান পতনৰ সাক্ষী হৈ আছে ।

১৭৯ বছৰ পুৰণি গুৱাহাটী খ্ৰীষ্ট চাৰ্ছ (ETV Bharat Assam)

১৭৯ বছৰ পূৰ্বে গৌহাটী খ্ৰীষ্ট চাৰ্চ নামেৰে পৰিচিত গুৱাহাটী খ্ৰীষ্ট গীৰ্জাই খ্ৰীষ্টান ধৰ্মৰ বীজ অসমত কিদৰে সিঁচিছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্য়া বৃদ্ধিয়ে ইয়াৰ প্ৰমাণ দাঙি ধৰে । গুৱাহাটীত বৰ্তমান কেইবাটাও গীৰ্জা আছে যদিও পাণবজাৰৰ নেহৰু পাৰ্কৰ গাতে লাগি থকা গীৰ্জাটো হৈছে কেৱল গুৱাহাটীৰ নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি গীৰ্জা ।

এই সন্দৰ্ভত গীৰ্জাটোৰ মুখ্য তত্বাৱধায়ক হেৰিচন মাচিয়ে কয়, "১৭৯ বছৰ পুৰণি এই গীৰ্জাটো ভয়ংকৰ ভূমিকম্পত দুবাৰকৈ ভাগি গৈছিল । ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আধিপত্য অসমলৈ সম্প্ৰসাৰিত হৈছিল । ব্ৰীটিছ শাসক আছিল খ্ৰীষ্টানধৰ্মী লোক । সেয়েহে তেওঁলোকে এটা ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল । সেই অনুসৰি পাণবজাৰত গুৱাহাটী খ্ৰীষ্ট চাৰ্জৰ প্ৰতিষ্ঠা কৰে । ১৮৪৪ প্ৰতিষ্ঠা কৰা গীৰ্জাটো ১৮৫৬ ৰ ভয়াৱহ ভূমিকম্পত ভাগি যোৱাৰ পিছত ১৮৬১ ত পুনৰ গীৰ্জাঘৰ নিৰ্মাণ কৰা হয় । দ্বিতীয়টো গীৰ্জা ঘৰতো ১৮৯৭ৰ ভূমিকম্পত ভাগি যোৱাৰ পিছত ১৯০১ চনত পুণৰ নিৰ্মাণ কৰা হয় । এই গীৰ্জাঘৰটো ১৯৭৮ ত পুনৰ মেৰামতি কৰা হয় । বৰ্তমান থকা অসম আৰ্হিৰ গীৰ্জা ঘৰটো শেহতীয়াকৈ ২০১৭ চনত মেৰামতি কৰা হৈছে ।"

১৮৪৪ চনত গীৰ্জাটো নিৰ্মাণ কৰাৰ সময়ত জেমছ মেথি, ফ্ৰান্সিছ জেনকিন্স, কেপ্টেইন ই টি ডাল্টন, কেপ্টেইন ই এ ৰোলাট, এল টি এগনিউ, এল টি এইচ এছ বিভাৰ নিৰ্মাণ কমিটীৰ সদস্য আছিল । প্ৰতি বছৰে বৰদিন উলহ-মালহেৰে পালন কৰা এই গীৰ্জাটোত এইবাৰ বৰদিনৰ দিনটোত ২০-৩০ হাজাৰ লোকৰ সমাগম হোৱাৰ আশা ব্য়ক্ত কৰে গীৰ্জাটোৰ মুখ্য তত্বাৱধায়ক হেৰিচন মাচিয়ে ।

লগতে পঢ়ক:‘বাইবেল’ অসমীয়া ভাষালৈ অনুবাদত অৰিহণা যোগোৱা অসমীয়াজনক আপুনি জানেনে ? - ASSAMESE VERSION OF BIBLE

বৰদিন উপলক্ষে নৰূপেৰে উজলিছে সকলো গীৰ্জা; কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য - CHRISTMAS CELEBRATION IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.