ETV Bharat / state

Rahul Gandhi case update: ৰাহুল গান্ধীক তেওঁৰ বক্তব্যৰ বাবে সৰ্বোচ্চ দণ্ড বিহা হৈছে : দেৱব্ৰত শইকীয়াৰ - ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড

চূৰাটৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিচতে কংগ্ৰেছ নেতাগৰাকীৰ সাংসদ পদ খাৰিজ কৰা হয় ৷ ইয়াৰ পিচতে দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই কাৰ্যক বিজেপি দলৰ চক্ৰান্ত আৰু অভিসন্ধি আখ্যা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Rahul Gandhi)

Debabrat Saikia reacted on Rahul Gandhi
আজিৰ দিনটোক গণতন্ত্ৰৰ বাবে এটা দুখৰ দিন বুলি অভিহিত দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Mar 24, 2023, 9:28 PM IST

আজিৰ দিনটোক গণতন্ত্ৰৰ বাবে এটা দুখৰ দিন বুলি অভিহিত দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, ২৪ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rahul Gandhi case update) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Rahul Gandhi)। এই কাৰ্যক বিজেপি দলৰ চক্ৰান্ত আৰু অভিসন্ধি আখ্যা দিছে বিৰোধী দলপতিগৰাকীয়ে(Opposition leader slams BJP)।

তেওঁ কয় যে, ২০১৯ চনৰ এটা গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে চূৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে (Modi surname case)। আনহাতে আদালতে ৰায়টোৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে ৩০ দিনৰ সময় দিছিল। কিন্তু ৰায়টো দিয়াৰ এদিন পিচতে ততাতৈয়াকৈ আজি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয় । ৰাহুল গান্ধীক সদনত বাধা দিয়াৰ বাবে এই ষড়যন্ত্র কৰা হৈছে (Rahul Gandhi convict of criminal defamation case)৷ আজিৰ দিনটোক গণতন্ত্ৰৰ বাবে এটা দুখৰ দিন ৷

তেওঁ লগতে কয় যে আদালতৰ ৰায়টোৰ বিৰুদ্ধে আবেদন কৰা হ'ব (Leaders reaction on Rahul Gandhi)। ২০১৯ চনত ৰাহুল গান্ধীয়ে দিয়া সেই বক্তব্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দেশৰ সম্পদ লুণ্ঠনকাৰী ললিত মোডী, নীৰৱ মোডী আদিৰ উপাধিলৈ সত্য কথা কোৱাৰ বাবে আন এজন মোডীয়ে নিজে গাত পাতি গোচৰ তৰিছিল।

ৰাহুল গান্ধীয়ে কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাছিল ৷ যিসকলৰ কথা কৈছিল তেওঁলোক পলাতক হৈ আছে। ৰাহুল গান্ধীক তেওঁৰ বক্তব্যৰ বাবে সৰ্বোচ্চ দণ্ড বিহা হৈছে ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলে আইনী যুঁজত অৱতীৰ্ণ হ’ব বুলি সদৰী কৰে শইকীয়াই ৷

উল্লেখ্য যে ‘মোডী উপাধি’ গোচৰত চূৰাটৰ আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পিচতেই শুকুৰবাৰে লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে কংগ্ৰেছ সাংসদ গৰাকীক (Rahul Gandhi disqualified from parliament)। ইয়াৰ পিচতে দেশজুৰি ৰাজনৈতিক মহলত ব্যাপক খলকনি লাগিছে ৷ একাংশ কংগ্ৰেছ নেতাই এই কাণ্ডক বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰাৰ লগতে এই ঘটনাই গণতন্ত্ৰৰ হত্যা বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Rahul Gandhi case update; ৰাহুল গান্ধীক লৈ শংকিত বিজেপি: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.