বিহপুৰীয়া,20 জানুৱাৰীঃ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু ৷ জানিব পৰা মতে, চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস(২৫) নামৰ নাৰায়ণপুৰ আউনীবড়ী গাঁৱৰ যুৱকজন ৷ তাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি জনায় কৰ্মৰত কোম্পানীৰ কৰ্তৃপক্ষই ৷
উল্লেখযোগ্য যে,পৰিয়ালৰ সন্দেহ প্ৰকাশ কৰিছে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ সম্প্ৰতি যুৱকজনৰ মৃত্যুৰ খবৰ পাই দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে ৷ উপায়বিহীন হৈ পৰিয়ালটোৱে ঘৰ্টনাৰ উৰ্চিত তদন্ত কৰাৰ লগতে চেন্নাইৰ পৰা মৃতদেহটো আনিবলৈ ৰাজ্য চৰকাৰৰ সহায় বিচাৰিছে ৷
লগতে পঢ়কঃ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ