ETV Bharat / state

Protest against GMDAs decision: কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ - Kamrup Metropolitan DC Pallav Gopal Jha

অসমৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ(Cotton University)সন্মুখত আছে এজোপা শ শ বছৰ পুৰণি বট গছ ।এইজোপা বট গছ নেহৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাটিবলৈ ওলোৱাত ৰাইজৰ মাজত হৈছে ব্য়াপক চৰ্চা । গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণে(Guwahati Metropolitan Development Authority)গছজোপা কাটিব ওলোৱাৰ কাৰ্যক লৈ ছ'চিয়েল মিডিয়াত সৰৱ চৰ্চা হোৱাৰ পাছতে গছজোপা কটা নহয় বুলি স্পষ্ট কৰিছে জিলা প্ৰশাসনে ।

Protest against GMDAs decission
কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ
author img

By

Published : Aug 9, 2022, 8:22 PM IST

গুৱাহাটী, ৯ আগষ্ট:অসমৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ(Cotton University) সন্মুখত আছে এজোপা শ শ বছৰ পুৰণি বট গছ । পূৰ্বৰ কটন কলেজৰ(Cotton College)সন্মুখত থকা এই পুৰণি গছজোপাক লৈ ৰচিত হৈছে বহুতো কাহিনী । এইজোপা শ শ বছৰ পুৰণি বট গছ নেহৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাটিবলৈ ওলোৱাত ৰাইজৰ মাজত হৈছে ব্য়াপক চৰ্চা । এইজোপা গছ কোনো কাৰণতে কাটিবলৈ দিয়া নহয় বুলি ৰাইজৰ লগতে দল-সংগঠনে সকীয়াই দিছে।

Protest against GMDAs decission
কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ

ৰাইজৰ প্ৰতিবাদৰ পাছত কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পুৰণি বট গছজোপা কটা নহয় বুলি স্পষ্ট কৰিছে জিলা প্ৰশাসনে । এই গছজোপা কটা নহয় বুলি সদৰী কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই(Kamrup Metropolitan DC Pallav Gopal Jha)। উল্লেখ্য় যে গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণে(Guwahati Metropolitan Development Authority) কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা বট গছজোপা কাটিব ওলোৱা কাৰ্যক লৈ ছ'চিয়েল মিডিয়াত সৰৱ চৰ্চা হৈছিল । সম্প্ৰতি নিৰ্মাণ হৈ থকা নেহৰু পাৰ্কৰ গেটৰ বাবে শ শ বছৰ পুৰণি প্ৰকাণ্ড বট গছজোপা কটাৰ সম্ভৱনা আছিল । এই খবৰ পোৱাৰ পিছতে গছ কটা বিষয়টো সহজভাৱে গ্ৰহণ কৰা নাছিল কটনিয়ানসকলেও ।

Protest against GMDAs decission
কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গ

ইয়াক লৈ ছ’চিয়েল মিডিয়াতো বিষয়টোক লৈ সৰৱ হৈ পৰিছিল কটনিয়ানসকল । একাংশ কটনিয়ানে সমগ্ৰ বিষয়ত হস্তক্ষেপ দাবী কৰি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে এই গছডাল কটনৰ সমুখৰ পৰিচয় । কটনৰ আশে পাশে যি শীতলতা আছে, যি শান্তি আছে কেৱল এই গছডালৰ বাবেই আছে । কটনিয়ানৰ আড্ডাৰ স্থলী এই গছডাল । গুৱাহাটীৰ আন অঞ্চলৰ তুলনাত কটনৰ সমুখত গৰম কম । সেইবাবেই হয়তো বন্ধৰ দিনকেইটাত বিভিন্নজনে আহি ইয়াতেই ভিৰ কৰেহি । যিহেতু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Ex student of cotton college Dr Himanta Biswa Sarma) এইখন মহাবিদ্য়ালয়ৰেই ছাত্ৰ আছিল সেয়েহে এইকাৰ্য ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ কৰিবলৈও আহ্বান জনাইছিল কটনিয়ানসকলে । ইয়াৰ পিছতে মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই গছজোপা কটা নহয় বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Assam Sahitya Sabha : সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে আগতীয়া কছৰৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.