গুৱাহাটী, 11 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জাল । এই জালৰ পৰা বাদ পৰা নাই সাধাৰণ ৰাইজ, মন্ত্ৰীৰ পৰা উচ্চ পদস্থ বিষয়ালৈকে । প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এনে বহু অপৰাধ ।
এইবাৰ প্ৰৱঞ্চকে লক্ষ্য কৰি লৈছে মন্ত্ৰী বিমল বৰাক ৷ চাইবাৰ অপৰাধীৰ জালত পৰিছে মন্ত্ৰী বিমল বৰা । মন্ত্ৰী বিমল বৰাৰ নামত এইবাৰ দুষ্ট চক্ৰই পেলাইছে প্ৰৱঞ্চনাৰ জাল । মন্ত্ৰীগৰাকীৰ নামত ভুৱা হোৱাটছআপ একাউণ্ট খুলি ধন দাবী (Minister Bimal Bora fake whatsapp account) কৰাত নামিছে । অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে । ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে(Cyber criminals are targeting Minister Bimal Bora) ।
৭৭৮০৯১৫০৮৬ নম্বৰটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰটোৱে বিভিন্ন ব্যৱসায়ী, বিষয়ালৈ ধন বিচাৰি মেচেজ প্ৰেৰণ কৰিছিল । ফোন কৰিবলৈ বাধা দি মেছেজত কথা পাতিবলৈ কোৱা হৈছিল । এই সন্দৰ্ভত দিছপুৰ থানাত মন্ত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক : ছাইবাৰ অপৰাধীৰ লক্ষ্য বিশ্বনাথ জিলাৰ উপায়ুক্ত: উপায়ুক্তৰ নামত ধন সংগ্ৰহৰ চেষ্টা