ETV Bharat / state

গুৱাহাটীত গ্ৰেপ্তাৰ এটিএমযোগে ধন সৰকোৱা ব‍্যক্তি - গুৱাহাটীত এটিএমযোগে ধন সৰকোৱা ব‍্যক্তি গ্ৰেপ্তাৰ

জু ৰোড তিনিআলিৰ এগৰাকী লোকে বজাৰ কৰিবলৈ যাওতে ৱাই ফাই এটিএম কাৰ্ডখন হেৰুওৱাৰ কিছু সময় পিচতে তেওঁৰ মোবাইলত আহিবলৈ ধৰে টকা উলিওৱাৰ মেছেজ ৷

cyber crime occurred in guawahati
cyber crime occurred in guawahati
author img

By

Published : Jun 4, 2020, 7:25 PM IST

গুৱাহাটী, 4 জুনঃ আপুনিও নিশ্চয় ব্যৱহাৰ কৰে এটিএম ! তেন্তে সাৱধান হওক ৷ যোৱা ৩০ মে'ত জু ৰোড তিনিআলিৰ নিবাসী অপূৰ্ব কলিতা নামৰ এগৰাকী লোকে বজাৰ কৰিবলৈ যাওতে ৱাই ফাই এটিএম কাৰ্ডখন হেৰুৱাইছিল ৷ কাৰ্ড খন হেৰুওৱাৰ কিছু সময়ৰ পাচৰ পৰাই অপূৰ্ব কলিতাৰ মোবাইলত আহিবলৈ আৰম্ভ কৰে টকা উলিওৱাৰ মেছেজ ৷ গীতানগৰৰ ভাই ভাই ষ্টোৰত সামগ্ৰী ক্ৰয় কৰাৰ বাবদ টকা উলিওৱাৰ মেছেজ আহিছিল ভুক্তভোগী লোকজনৰ মোবাইলত ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী লোক জনে গীতানগৰ আৰক্ষী চকীত এটা ৰুজু কৰে গোচৰ ৷

গুৱাহাটীত এটিএমযোগে ধন সৰকোৱা ব‍্যক্তি গ্ৰেপ্তাৰ

কিন্তু দোকানখনত থকা চিচি কেমেৰাত আবদ্ধ হৈছিল অভিযুক্ত লোকজনৰ সমগ্ৰ দৃশ্য ৷ পিচদিনা পুনৰ লোকজন সেই দোকানখনলৈ আহে আৰু ইতিমধ্যেই অভিযুক্ত জনৰ চেহেৰা চিচি কেমেৰাত দেখি দোকানৰ কৰ্মচাৰীয়ে তৎক্ষণাৎ চিনি পাই ভুক্তভোগী লোকজনক খবৰ দিয়ে ৷ কিন্তু ভুক্তভোগী লোকজন সেই স্থানলৈ আহি পোৱাৰ পূৰ্বেই দোকান খনৰ পৰা ওলাই যায় অভিযুক্ত জন ৷ ভুক্তভোগী লোকজনে দোকানখনলৈ গৈ চিচিটিভি কেমেৰাত অভিযুক্ত লোকজনে অনা গাড়ীখনৰ নম্বৰ সংগ্ৰহ কৰি পিচে পিচে তেখেতক অনুসৰণ কৰে ৷ সেই সময়তে তেখেতৰ বন্ধু এগৰাকীক খবৰ দিয়াত তেওঁ অভিযুক্ত লোকজনক জোনালী এছবিআই বেংকৰ সন্মুখত আটক কৰিবলৈ সক্ষম হয় ৷

গতিকে আপুনিও সাৱধান হওক এতিয়াৰ পৰা ৷ ৱাই ফাই এটিএম ব্যৱহাৰ কৰাৰ পূৰ্বে নিৰাপত্তাৰ দিশটো বিবেচনা কৰক,অন্যথা আপুনিও চিকাৰ হ'ব পাৰে এনেধৰণৰ দুৰ্ঘটনাৰ ৷ সাৱধানে থাকক,বাচি থাকক ৷

লগতে পঢ়কঃ পাণবজাৰ এপেক্স বেংকৰ প্ৰৱন্ধকক সকীয়নি লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.