ETV Bharat / state

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে

এমুঠি খাদ্য থাকিবৰ বাবে অকণ ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই ৷ ক'ৰণাৰ সমান্তৰালভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰা বানৰ লগত যুঁজ কৰিবলৈ যেন অসমৰ্থ হৈছে চৰকাৰ ৷

author img

By

Published : Jul 11, 2020, 7:09 PM IST

critcal-condition-at-flood-situation-assam
ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে

গুৱাহাটী, 11 জুলাইঃ ৰাজ্যত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ ৰাজ্যৰ 12 খন জিলা এতিয়া ক্ষতিগ্ৰস্ত হৈছে বানত সৰ্বহাৰা হৈছে কেইবা লক্ষাধিক লোক ৷ এমুঠি খাদ্য থাকিবৰ বাবে অকণ ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই ৷ এই প্ৰলংকৰী বানত ধেমাজী,লখিমপুৰ,চৰাইদেউ,বিশ্বনাথকে ধৰি উজনি-নামনিৰ 12খন জিলাৰ 400 খন গাঁও বুৰাই পেলাইছে ৷ বানত জাহ গৈছে 26হাজাৰ হেক্টৰ কৃষিভূমি ৷

এই ভয়াৱহ বানত আক্ৰান্ত হৈছে 1 লাখ 82 হাজাৰ 583 গৰাকী লোক ৷ লগতে 86 হাজাৰ 915 টা জীৱ জন্তু আক্ৰান্ত হৈছে বানত ৷ ক'ৰণাৰ সমান্তৰালভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰা বানৰ লগত যুঁজ কৰিবলৈ যেন অসমৰ্থ হৈছে চৰকাৰ ৷ কিয়নো বানৰ লগত মোকাবিলা কৰিবলৈ ৰখা পুঁজি ইতিমধ্যে খৰছ হৈছে ক'ৰণাৰ যুঁজত ৷ যাৰ বাবে বানত এমুঠি খাদ্যৰ বাবে ককবকাই থাকিব লগা হৈছে বানাক্ৰান্ত অঞ্চলৰ ৰাইজে ৷ পৰ্যাপ্ত পৰিমাণে পোৱা নাই কোনো চৰকাৰী সাহাৰ্য ৷

উল্লেখ্য যে চৰকাৰী হিচাপত বান পীড়িত অঞ্চলত বৰ্তমানলৈকে 1075 টা ৰিলিফ কেম্প নিৰ্মাণ কৰিছে কিন্ত এয়াই পৰ্যাপ্ত নহয় ৷ যাৰ বাবে ক্ষোভ উজাৰিলে বিভিন্ন সংগঠনে ৷ প্ৰতিমূহূৰ্ততে বৃদ্ধি পাইছে বহ্মপুত্ৰৰ জলস্তৰ তাৰ ফলত বৃদ্ধি পাইছে নৈ উপনৈ সমূহৰ জলপৃষ্ঠ ৷ এনে অৱস্থাত চৰকাৰে কেনেদৰে বানৰ লগত মোকাবিলা কৰিব সেইয়া হ‘ব লক্ষনীয় ৷

লগতে পঢ়কঃ কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.