ETV Bharat / state

CPI(M) Press Meet: ‘লোকতন্ত্ৰ সেনানী’ আঁচনি গ্ৰহণ নকৰে চি পি আই (এম)য়ে

author img

By

Published : Jun 23, 2023, 8:04 PM IST

চি পি আই (এম)ৰ সংবাদমেল ৷ চৰকাৰে ঘোষণা কৰা ‘লোকতন্ত্ৰ সেনানী’ গ্ৰহণ নকৰে চি পি আই (এম) ৷ ‘গ্ৰেপ্তাৰ হোৱা লোকৰ নাম তালিকাৰ পৰা বাদ পৰাটো হ'ব ইতিহাস বিকৃতিকৰণ ৷’

CPI M Press Meet
লোকতন্ত্ৰ সেনানী আঁচনি গ্ৰহণ নকৰে চি পি আই এম য়ে

গুৱাহাটী, ২৩ জুন: শুকুৰবাৰে গুৱাহাটীত চি পি আই (এম)ৰ সংবাদমেল । চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সংবাদমেলত কয় ,‘অসম চৰকাৰে 'লোকতন্ত্ৰ সেনানি' নামৰ আঁচনিৰ জৰিয়তে জৰুৰীকালীন অৱস্থাৰ সময়ত 'মিছা' আৰু 'ডি আই আৰ' আইন অনুসৰি কাৰাৰুদ্ধ লোকসকলৰ বাবে এখন পেঞ্চন আঁচনি ঘোষণা কৰিছে । কিন্তু ‘লোকতন্ত্ৰ সেনানী’ পেঞ্চন গ্ৰহণ নকৰে চি পি আই (এম)য়ে ৷ ’

‘দেখা গৈছে এইক্ষেত্ৰত যিখন চৰকাৰী তালিকা জিলা উপায়ুক্ত সকললৈ প্ৰেৰণ কৰা হৈছে, তাত কাৰাগাৰত থকা আমাৰ দলৰ ভালে সংখ্যক নেতাৰ নাম নাই । গ্ৰেপ্তাৰ হোৱা লোকৰ নাম তালিকাৰ পৰা বাদ পৰাটো হ'ব ইতিহাস বিকৃতকৰণ । আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে আঁচনিখনৰ বিৰোধিতা নকৰিলেও আমি এই পেঞ্চন গ্ৰহণ নকৰোঁ ।’

‘কাৰণ চিপিআই(এম)ৰ সদস্য সকলে স্বৈৰতন্ত্ৰক ভেটা দিয়া আৰু গণতন্ত্ৰক ৰক্ষা কৰাৰ বৃহৎ লক্ষ্য আগত লৈয়েই এই সংগ্ৰামত আগ-ভাগ লৈছিল, অইন কিবা প্ৰাপ্তিৰ আশাত নহয় ।’ ইফালে সংবাদমেলত দলৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মণ , দেৱেন ভট্টাচাৰ্য্য , ইছফাকুৰ ৰহমান উপস্থিত থাকে ।

উল্লেখ্য যে , ৰাজ্যত জৰুৰীকালীন অৱস্থাত জে’ললৈ যোৱা ৩ শতাধিক লোকক অসম চৰকাৰে মাহে ১৫ হাজাৰ টকাকৈ পেন্সন দিব ৷ ১৯৭৫ চনৰ ১০ জুনৰ পৰা ২১ মাহৰ বাবে ভাৰতত চলা জৰুৰীকালীন অৱস্থাক প্ৰতিবাদ জনাই জে’ললৈ যোৱা ৩০১জন লোকে মাহিলী পেন্সন লাভ কৰিব ৷ ইয়াৰে যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ পত্নীয়ে ১৫ হাজাৰ টকাকৈ পেন্সন পাব ৷ স্বামী-স্ত্ৰী দুয়োৰে যদি মৃত্যু হৈছে তেন্তে যদি অবিবাহিত কন্যা থাকে সেই কন্যাই এই পেন্সনৰ ধন পাব ৷

কিন্তু চৰকাৰে ঘোষণা কৰা আঁচনিত ওলাইছে বিসংগতি ৷ চৰকাৰে ঘোষণা কৰা আচনিৰ তালিকত নাই বহু ভূক্তভোগীৰ নাম ৷ সেয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ চি পি আই (এম)ৰ ৷

লগতে পঢ়ক:Dima Hasao district court:ডিমা হাছাও জিলাত ধর্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড জিলা আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.