ETV Bharat / state

Constituency delimitation of Assam : ২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিৰোধিতা চিপিআই এমৰ - ২০০১ চনৰ লোক গণনাৰ ভিত্তিত

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে চিপিআই(এম)ৰ স্মাৰক পত্ৰ প্ৰদান ৷ দলটোৰ পাঁচজনীয়া প্ৰতিনিধি দলে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ সদস্যসকলক সোমবাৰে সাক্ষাৎ কৰি দাখিল কৰে স্মাৰক পত্ৰ (CPI M reacts against Constituency delimitation) ৷

CPI M on Constituency delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে চিপিআই(এম)ৰ
author img

By

Published : Mar 27, 2023, 10:39 PM IST

Updated : Mar 27, 2023, 10:53 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে চিপিআই(এম)ৰ

গুৱাহাটী, 27 মাৰ্চ : ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক গণনাৰ ভিত্তিত ২০২৩ চনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে । এই সংক্ৰান্তত পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৰ্তমান অসমলৈ অহা ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ সদস্যসকলক গুৱাহাটীত সোমবাৰে সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । চিপিআই(এম)ৰ পাঁচজনীয়া প্ৰতিনিধি দলটোত আছিল পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, দলটোৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য অজিত দাস আৰু নয়ন ভূঞা (CPI M reacts against Constituency delimitation) ।

পাৰ্টিয়ে সাতোটা গুৰুত্বপূৰ্ণ দফা সন্নিৱিষ্ট কৰি প্ৰদান কৰে স্মাৰক পত্ৰখন ৷ স্মাৰক পত্ৰখনত দলে উল্লেখ কৰে যে, ২০০১ বৰ্ষত ৰাজ্যৰ জনসংখ্যা আছিল ১.৪৬ কোটি । এতিয়া দুটা দশকৰো অধিক কালৰ পাছত সেই সংখ্যা প্ৰায় ৩.৬৬ কোটিলৈ বৃদ্ধি পাইছে । সেয়ে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত বৰ্তমান লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ যুক্তিসংগত আৰু গ্ৰহণযোগ্য নহয় । তদুপৰি, স্মাৰক পত্ৰত দলটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দলে অসৎ অভিপ্ৰায়েৰে আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে বুলি উল্লেখ কৰে । ইয়াৰ প্ৰমাণ হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৭ ডিচেম্বৰত অধিসূচনা জাৰি কৰাৰ পাছত আৰু চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন প্ৰশাসনিক জিলা বা গোট গঠনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগে লগে ২০২২ চনৰ ৩১ ডিচেম্বৰত হঠাৎ চাৰিখন জিলা ভংগ কৰি পূৰ্বৰ সংশ্লিষ্ট জিলাসমূহৰ লগত চামিল, ১৪খন জিলাৰ শতাধিক গাঁও এখন জিলাৰ পৰা আন এখন জিলাৰ প্ৰশাসনিক গোটৰ লগত একপক্ষীয়ভাৱে যুক্ত কৰাৰ কথা দলে উল্লেখ কৰে (Constituency delimitation of Assam) ।

লগতে পঢ়ক : Fisheries Development Corporation recruitment scam : পুনৰ নিযুক্তিৰ দাবী তুলি প্ৰতিবাদত বহিষ্কৃত কৰ্মচাৰী

চিপিআই(এম) দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগ গঠন নকৰাকৈ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত তীব্ৰ আপত্তি দৰ্শায় । পাৰ্টিয়ে সদ্যহতে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখি ভাৰতৰ সংবিধানৰ ৮৪ নং সংশোধনী মতে অন্য ৰাজ্যসমূহৰ দৰে অসমতো সমষ্টি পুনৰ নিৰ্ধাৰণ কাম ২০২৬ চনলৈ পিছুৱাই দিয়াৰ পক্ষে মত পোষণ কৰে (Controversy over constituency delimitation) ।

Last Updated : Mar 27, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.