ETV Bharat / state

পূজাৰ চান্দা বিচাৰি ব্যৱসায়ীক কৰিব নোৱাৰিব হাৰাশাস্তিঃ কঠোৰ মহানগৰ আৰক্ষী

শেহতীয়াকৈ একাংশই দুৰ্গা পূজাৰ নামত দাবী ধমকি দি সংগ্ৰহ কৰিছিল ধন । এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী ।

author img

By

Published : Sep 30, 2019, 10:02 PM IST

Updated : Sep 30, 2019, 10:23 PM IST

পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি!

গুৱাহাটী, 30 ছেপ্টেম্বৰঃ পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি কৰা পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী । শেহতীয়াকৈ একাংশই দুৰ্গা পূজাৰ নামত দাবী ধমকি দি সংগ্ৰহ কৰিছিল ধন । এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী । এতিয়াৰে পৰা কোনোৱে হেচাঁ প্ৰদান কৰি সংগ্ৰহ কৰিব নোৱাৰিব চান্দা । যদিহে এনে অভিযোগ লাভ কৰে তেন্তে চান্দা সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

ইফালে মহানগৰীত এটা বহিঃৰাজ্যৰ ATM চোৰৰ দলে পিয়াপি দি ফুৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । মুঠ চাৰিজনীয়া এই দুৰ্বৃত্তৰ দলটোৰ হাতত আছে ATM মেচিন খুলিব পৰা অত্যাধুনিক সা-সৰঞ্জাম । ১০ দিন পূৰ্বে মহানগৰীত প্ৰৱেশ কৰি পল্টনবজাৰৰ চমিয়া হোটেলত বাহৰ পাতিছিল দলটোৱে । দেওবাৰে সাওকুচীত ATM চুৰি কৰিবলৈ আহোতে আৰক্ষীয়ে হাতে-লোটে ধৰিছিল গেংটোৰ আৰিফ নামৰ এজন সদস্যক । ধৃত চোৰটোৱে ইতিমধ্যেই তেওঁলোকৰ পৰিকল্পনাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে । যাৰ বাবে গেংটোৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী । ATM ৰ কাষত সন্দেহজনক লোক প্ৰত্যক্ষ কৰিলেই আৰক্ষী জনাবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

Intro:পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি কৰা পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী। শেহতীয়াকৈ একাংশই দুৰ্গা পূজাৰ নামত দাবী ধমকি দি সংগ্ৰহ কৰিছিল ধন। এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী। এতিয়াৰে পৰা কোনোৱে হেচাঁ প্ৰদান কৰি সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। যদিহে এনে অভিযোগ লাভ কৰে তেন্তে চান্দা সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। ইফালে মহানগৰীত এটা বহিঃৰাজ্যৰ এটিএম চোৰৰ দলে পিয়াপি দি ফুৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। মুঠ চাৰিজনীয়া এই দুৰ্বৃত্তৰ দলটোৰ হাতত আছে এটিএম মেচিন খুলিব পৰা অত্যাধুনিক সা-সৰঞ্জাম। ১০দিন পূৰ্বে মহানগৰীত প্ৰৱেশ কৰি পল্টন বজাৰৰ চমিয়া হোটেলত বাহৰ পাতিছিল এই গেঙটোৱে। দেওবাৰে সাওকুচীত ATMত চুৰি কৰিবলৈ আহোঁতে আৰক্ষীয়ে হাতে লোটে ধৰিছিল গেংটোৰ আৰিফ নামৰ এজন সদস্যক। ধৃত চোৰটোৱে ইতিমধ্যেই তেওঁলোকৰ পৰিকল্পনাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। এই গেংটোৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী। এটিএমৰ কাষত সন্দেহজনক লোক প্ৰত্যক্ষ কৰিলেই আৰক্ষী জনাবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 30, 2019, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.