গুৱাহাটী,১ মে': দেশৰ আন প্ৰান্তৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৩,১৯৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৩,৮২৬ জনলৈ বৃদ্ধি পায় ।
আনহাতে, বিগত ২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ২৬ গৰাকী ৰোগীৰ । তথ্য মতে, বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,১৮৪ গৰাকী, ডিব্ৰুগড়ত ২৪৫ গৰাকী আৰু নলবাৰীত ১৪৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । লক্ষণীয় বিষয় যে, কামৰূপ মহানগৰ জিলাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ হৈছে । বিগত দহ দিনত জিলাখনত ৯,৭২৮ গৰকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।
আনহাতে, ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ৪.৪৩ শতাংশলৈ বৃদ্ধি পাইছে । আক্ৰান্তৰ হাৰ ক্ৰমাৎ উৰ্ধমুখী হৈছে । উল্লেখ্য যে, শুক্ৰবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৭২,২৩৯ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা সম্পন্ন কৰা হৈছিল । এতিয়ালৈকে অসমত মুঠ ৮৬,০৪,৯৩৫ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ।
আনহাতে, অসমত এতিয়ালৈকে ২,৫৩,১২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৩০৭ গৰাকীৰ মৃত্যু হৈছে । ইফালে, আৰোগ্য হৈ উঠিছে ২,২৬,৬৪৩ গৰাকী লোকে । শুক্ৰবাৰৰ দিনটোত অসমত ১,২৭,৫৫৫ গৰাকীয়ে ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰে ।
অসমত সৰ্বমুঠ ২৪,৬৬,৩২১ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত ১৯,৩৫,১৬৬ গৰাকীয়ে ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৫,৩১,১৫৫ গৰাকীয়ে দ্বিতীয় পালি লৈছে ।
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাত দৈনিক সহস্ৰাধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিত ইতিমধ্যে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে ।