ETV Bharat / state

মহানগৰীৰ 31টা ৱাৰ্ডত মুকলি একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ - মহানগৰীৰ 31টা ৱাৰ্ড

সোমবাৰে গুৱাহাটীৰ 31 টা ৱাৰ্ডতে একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ মুকলি কৰা হয় ৷ কোনো লোকে যদি শাৰিৰীক অসুস্থতা অথবা কৰ'ণা সম্বন্ধীয় কোনো লক্ষণৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে, তেওঁলোকে এই কেন্দ্ৰসমূহত আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই ৷

covid screening center inaugurated in ghy in 31 different wards

author img

By

Published : Jun 29, 2020, 6:13 PM IST

গুৱাহাটী, 29 জুনঃ গুৱাহাটী মহানগৰীৰ 31 টা ৱাৰ্ডত স্থাপন কৰা হৈছে একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ ৷ সোমবাৰে মুকলি কৰা হয় আটাইকেইটা কেন্দ্ৰ ৷ 1 নং ৱাৰ্ডৰ সাতমাইলস্থিত জালুকবাৰী ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত স্থাপিত COVID কেন্দ্ৰটো আজি পৰিদৰ্শন কৰে কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

মহানগৰীৰ 31টা ৱাৰ্ডত মুকলি একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ

উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা মতে, কোনো লোকে যদি শাৰিৰীক অসুস্থতা অথবা কৰ'ণা সম্বন্ধীয় কোনো লক্ষণৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে তেওঁলোকে এই কেন্দ্ৰসমূহত আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব ৷ তাৰ পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ তদুপৰি প্ৰতিটো কেন্দ্ৰতে দুখনলৈ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে স্বাৱ পৰীক্ষাৰ নমুনা নহালৈ স্বাস্থ্য পৰীক্ষা কৰা লোকসকল হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃ ভাৰতত COVID-19ৰ শেহতীয়া পৰিসংখ্য়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.