ETV Bharat / state

ৰাজ্যত বৰ্তমানলৈ ১,১২৯ গৰাকী লোকৰ ক’ভিডত মৃত্যু

author img

By

Published : Apr 18, 2021, 2:34 PM IST

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৮৭৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে দুজনৰ । কামৰূপ মহানগৰ জিলাত ৩৬০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ৰাজ্যত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৭৯৪ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম কোৱাৰেণ্টাইনত আছে ।

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ
ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ

গুৱাহাটী,১৮ এপ্ৰিল : অসমত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাৰ সংক্ৰমণ । ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০২ শতাংশলৈ বৃদ্ধি পালে । শনিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৮৭৬ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বৰ্তমানলৈ ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ২,২৩,৮১৬ লৈ বৃদ্ধি পালে । আনহাতে শনিবাৰৰ দিনটোত কৰ'ণাই দুজন লোকৰ প্ৰাণ কাঢ়িলে । ইয়াৰে এজন কামৰূপ মহানগৰ জিলাৰ আৰু এজন কামৰূপ গ্ৰাম্য জিলাৰ ।

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ
ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ

অসমত এই পৰ্যন্ত কৰ'ণাৰ বাবে ১,১২৯ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত কৰ'ণাত মৃত্যু হোৱাৰ হাৰ ০.৫০ শতাংশ । আনহাতে, ৰাজ্যখনত ইতিমধ্যে ২,১৬,৫৪৬ গৰাকী কৰ'ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে । ৰাজ্যখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৭৯৪ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম কোৱাৰেন্টাইনত আছে ।

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ মৃত্যু হৈছে দুজনৰ

বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হোৱা ৮৭৬ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৩৬০ গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ বিপৰীতে কামৰূপ গ্ৰাম্যত ৫৬ গৰাকী, শোণিতপুৰত ৪৭ গৰাকী আৰু ডিব্ৰুগড়ত ৪২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৮৭৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

প্ৰাপ্ত তথ্য মতে, শনিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৪৩,২৮ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত ৮৭৬ গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । সেই হিচাপত কৰ'ণা আক্ৰান্তৰ হাৰ হৈছে ২.০২ শতাংশ । এতিয়ালৈকে অসমত মুঠ ৭৮,০৭,৫৬০ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ।

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ
ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ

ইফালে, ৰাজ্যত অব্যাহত আছে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । এতিয়ালৈকে ৰাজ্যৰ ১৫,৬০,০৫৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১২,৮০,৮২৯ গৰাকীক প্ৰতিষেধকৰ প্ৰথম পালি আৰু ২,৭৯,২৩০ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । অন্যথা ৫০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: ক'ভিড পৰিস্থিতি সন্দৰ্ভত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত জৰুৰী বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.