গুৱাহাটী,21অক্টোবৰঃ কাইলৈ মহা ষষ্ঠী। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা পুৰোহিতৰ লগতে পূজা কমিটীৰ সকলো বিষয়ববীয়াই ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। সেই অনুসৰি বুধবাৰে মহানগৰীৰ বিভিন্ন পূজা কমিটীয়ে কৰিলে ক'ভিড পৰীক্ষা।
পাণ্ডু, মালিগাঁৱৰ পূজা কমিটী সমূহৰ বিষয়ববীয়াৰ লগতে পুজাৰীয়ে ক'ভিড পৰীক্ষা কৰে। বাতৰি প্ৰস্তুত কৰা সময়লৈ কোনো লোকৰে পজিটিভ অহা নাই বুলি জানিব পৰা গৈছে। দুৰ্গা পূজা উপলক্ষে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম পালন কৰিবলৈ ৰাইজক আহ্বান জনাই পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজা উদযাপন কমিটীয়ে। মাস্ক, ছেনিটাইজাৰ অবিহনে কোনো লোককে পূজাস্থলীলৈ নাহিবলৈ আহ্বান কমিটীটোৰ বিষয়ববীয়াৰ।

লগতে পঢ়কঃ তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং