গুৱাহাটী,1জুলাইঃ ৰাজ্যত পুনৰ এজন বিধায়ক আক্রান্ত হ'ল কৰ'ণা ভাইৰাছত। বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা আক্রান্ত হৈছে কৰ'ণা ভাইৰাছত। কৰ'ণা ভাইৰাছৰ প্ৰথমটো টেষ্টত ফলাফল পজিটিভ ওলাইছে নাৰায়ণ ডেকাৰ । গুৱাহাটীৰ বিধায়ক অৱাসত থকা বিধায়ক গৰাকী ৰেণ্ডম টেষ্টত পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে । নাৰায়ণ ডেকাৰ পূৰ্বে পাথৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল কৰ'ণা ভাইৰাছত আক্রান্ত হৈছিল উল্লেখযোগ্য যে ৰাজ্যত দ্ৱিতীয় জন বিধায়ক আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যই বিৰাজ কৰিছে ৰাজ্যখনত ।
ইপিনে বুধৰাৰৰ দিনটোৰ বৰ্তমানলৈকে গুৱাহাটীত ১২২ গৰাকী লোক আক্রান্ত হৈছে কৰ'ণা ভাইৰাছত। আক্রান্ত লোক সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১১ গৰাকী চিকিৎসা কর্মী । চিকিৎসা মহাবিদ্যালয়খনৰ মাইক্ৰ'বায়'লজি লে'বৰ ১১ গৰাকী চিকিৎসা কর্মী কৰ'ণা ভাইৰাছত আক্রান্ত হোৱাত লেবটো বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকক আক্ৰমণ