ETV Bharat / state

আমিনগাঁৱত স্থাপন COVID-19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ

author img

By

Published : May 27, 2020, 7:46 PM IST

এতিয়াৰে পৰা ৰে'ল, বাছ আৰু বিমানেৰে অহা লোকক জিলা সদৰ আমিনগাঁৱত কৰা হ'ব স্বাস্থ্য পৰীক্ষা আৰু সংগ্ৰহ কৰিব স্বাৱ টেষ্ট লগতে পঞ্জীয়ন হ'ব তেওঁলোকৰ নাম । ইয়াৰ লগতে আমিনগাঁৱত স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়নৰ পিছতে বহিঃৰাজ্যৰ পৰা অহা লোকক ৰখা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰত ৷

COVID-19 Health Examination and Registration Center at Amingaon
আমিনগাঁৱত স্থাপন COVID-19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ

আমিনগাঁও,27মে': কামৰূপ(গ্ৰাম্য)জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰি উলিওৱা হৈছে COVID-19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ । এতিয়াৰে পৰা ৰে'ল, বাছ আৰু বিমানেৰে অহা লোকক জিলা সদৰ আমিনগাঁৱত কৰা হ'ব স্বাস্থ্য পৰীক্ষা আৰু সংগ্ৰহ কৰিব স্বাৱ টেষ্ট লগতে পঞ্জীয়ন হ'ব তেওঁলোকৰ নাম । ইয়াৰ লগতে আমিনগাঁৱত স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়নৰ পিছতে বহিঃৰাজ্যৰ পৰা অহা লোকক ৰখা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰত ৷ বহিঃ ৰাজ্যৰ পৰা ইতিমধ্যে জিলাখনলৈ আহিছে 731জন লোক ৷ সংবাদমাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে কামৰূপ(গ্ৰাম্য)জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্টিক এনে । তেওঁ লগতে মন্তব্য কৰে যে,ইতিমধ্যে জিলাখনত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে আই আই টি গুৱাহাটীৰ অতিথিশালা,চাংসাৰি চিপেটৰ অতিথিশালা, হেভেলচ অতিথিশালা,মিৰ্জাৰ পতঞ্জলি যোগ প্ৰতিষ্ঠান ভৱন আৰু হোটেলকে ধৰি কেইবাটাও ভৱন । ইয়াৰ লগতে নতুনকৈ উত্তৰ গুৱাহাটী আৰু কমলপুৰত ৭০০খন বিচনাযুক্ত কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰি উলিওৱাৰ কথা জানিবলৈ দিয়াৰ সমান্তৰালভাৱে জিলাখনত কেইবাটাও অত্যাধুনিক কোৱাৰেণ্টাইন চেণ্টাৰ সাজু হৈ থকা বুলিও জনায় উপায়ুক্তগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত জিলাখনৰ সমষ্টি ভিত্তিত কোৱাৰেণ্টাইন চেণ্টাৰৰ সুবিধা কৰা হ'ব বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত কৈলাশ কাৰ্টিক এনে ।

উল্লেখ্য যে, বৰ্তমানে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত কামৰূপ জিলাৰ 4জনৰ লগতে মুঠ 24 জনকৈ COVID-19 প'জিটিভ ৰোগী আছে বুলিও জানিব দিয়ে কামৰূপ জিলা উপায়ুক্তই ৷

লগতে পঢ়কঃলাডাখত ভাৰত-চীনৰ মুখামুখি পৃথক আৰু চিন্তনীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.