গুৱাহাটী, 26 অক্টোবৰ : নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীত সুৰক্ষিত নহয় জনসাধাৰণ ৷ এই কথাকে প্ৰতীয়মান কৰিলে সোমবাৰে নিশা মহানগৰীৰ চাৰ্ভেৰ চন্দন নগৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই ৷ সোমবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই শোৱাপাটীতে হত্যা কৰিলে বৰুৱা দম্পতীক ৷ প্ৰাপ্ত তথ্য অনুসৰি, চাৰ্ভেৰ চন্দন নগৰৰ হাউচ নং 1 ৰ বাসিন্দা ননী বৰুৱা (86) আৰু মীনা বৰুৱা (80) নামৰ দম্পতীটোক কোনো অচিনাক্ত দুৰ্বৃত্তই অকলশৰে থকাৰ সুযোগ গ্ৰহণ কৰি শোৱাপাটীতে হত্যা কৰে ৷
মঙলবাৰে পুৱা বৰুৱা দম্পতীৰ ঘৰলৈ কাম কৰিবলৈ অহা লোকে সমগ্ৰ ঘটনা পোহৰলৈ আনে ৷ ঘৰটোত সিঁচৰিত হৈ থকা সা-সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ডকাইতিৰ অৰ্থে কোনো দুৰ্বৃত্তই ঘৰটোত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত আছে ৷
আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, শোৱাপাটীত নিথৰ হৈ পৰি ৰোৱা মৃতদেহ দুটাত আঘাতৰ চিন স্পষ্টৰূপত প্ৰতিফলিত হৈ আছে ৷ এই আঘাতৰ প্ৰতি লক্ষ্য ৰাখি বাথৰুমৰে শোৱনীকোঠাত দুৰ্বৃত্তই প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, কৰ্মসূত্ৰে বৰুৱা দম্পতীৰ দুই সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা ৷
লগতে চাওক: সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী