ETV Bharat / state

Cotton Collegiate govt H.S School : উত্তৰ পূবৰ আধুনিক শিক্ষাৰ বাটকীয়া কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় - কটন কলেজিয়েট

উত্তৰ-পূবৰ আধুনিক শিক্ষাৰ বাটকীয়া কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছে এক স্বৰ্ণীল ইতিহাস ৷ 189 বছৰ গৰকা বিদ্যালয়খনে বহু ঘাত-প্ৰতিঘাত নেওচি বৰ্তমানৰ পৰ্যায় পাইছে ৷

Cotton Collegiate govt Higher Secondary School
স্বৰ্ণীল ইতিহাস
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:29 PM IST

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

গুৱাহাটী, 15 ছেপ্টেম্বৰ : উত্তৰ-পূবৰ আধুনিক শিক্ষাৰ বাটকীয়া কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ 189 বছৰ গৰকা বিদ্যালয়খনে বহু ঘাত-প্ৰতিঘাত নেওচি বৰ্তমানৰ পৰ্যায় পাইছে ৷ 1834 চনতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ আছে এক স্বৰ্ণীল ইতিহাস ৷

1834 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনৰ অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্সে অসমীয়া যুৱচামক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চাৰিখন সদৰ গুৱাহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত ইংৰাজী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰলৈ আবেদন জনাইছিল ৷ এই আবেদনৰ পিছতে গুৱাহাটীত স্থানীয় বাসিন্দাৰ পৰা লাভ কৰা 1,740 টকাৰ বৰঙণিৰে সেই সময়ত 58 গৰাকী ছাত্ৰৰে "গৌহাটী স্কুল" নামেৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ আৰম্ভ কৰে ৷ মাহিলী 150 টকা বেতনৰে মিষ্টাৰ চিংগাৰক বিদ্যালয়খনৰ প্ৰথম শিক্ষক নিযুক্তি দিয়া হয় ৷ 1838 চনত মিষ্টাৰ ৰবিনছনে গৌহাটী স্কুলৰ নতুন প্ৰধান শিক্ষক হিচাপে মাহিলী 300 টকা বেতনত দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ইয়াৰ লগতে বিদ্যালয়খনক "গৌহাটি ছেমিনেৰী" নামেৰে নামাকৰণ কৰা হয় ৷

লাহে লাহে বিদ্যালয়ত ছাত্ৰৰ সংখ্যা 340 লৈ বৃদ্ধি পোৱাত 1840 চনত দান-বৰঙণি তুলি বিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰা হয় ৷ 1865 চনত চৰকাৰে বিদ্যালয়খনক কলেজিয়েট পৰ্যায়লৈ উন্নীত কৰে ৷ 1865 চনত স্কুলখনত এফ এ (বৰ্তমান উচ্চতৰ মাধ্যমিক) পঢ়িবৰ বাবে দুবছৰীয়া কলেজৰ শ্ৰেণীও যোগ দিয়া হয় ৷ কলেজৰ দুই শ্ৰেণী যোগ দিয়াৰ পিছত গৌহাটী স্কুলৰ নাম কলেজিয়েট স্কুললৈ ৰূপান্তৰ হয় ৷

1901 চনত কটন কলেজ স্থাপন হোৱাৰ পাচত এই স্কুলৰ দায়িত্ব পোনপটীয়াকৈ কলেজৰ প্ৰিন্সিপাল মিঃ ছুডমাৰ্চনৰ হাতত ন্যস্ত হোৱাত ইয়াৰ নামৰ আগত কটন নামটো সংযোগ হৈ কটন কলেজিয়েট স্কুল হয় ৷ 1834 চনত ইংৰাজী মাধ্যমেৰে আৰম্ভ হোৱা গৌহাটী চেমিনাৰীত 1836-37 চনৰ পৰা ইংৰাজীৰ লগতে বাংলা মাধ্যম আৰু পিছলৈ ইংৰাজীৰ বাংলাৰ লগতে অসমীয়া মাধ্যমত আৰু শেষত অসমীয়া মাধ্যমত পাঠদান আৰম্ভ হৈছিল ৷ এই বিদ্যালয়খনতে অসমৰ প্ৰথমজন আই. চি. এছ আনন্দৰাম বৰুৱা, ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পিতৃ কৰ্নেল জালনুৰ আলী আহমেদকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অধ্যয়ন কৰিছিল ৷

লগতে পঢ়ক : National Engineers Day 2023 : আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস, দেশবাসীয়ে সুঁৱৰিছে ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.