দৰং, 23 মাৰ্চ : ক'ৰণা ভাইৰাছৰ বাবে আতংকিত হৈছে দৰংবাসীও ৷ আতংকিত হৈছে বহিঃৰাজ্যৰ ট্ৰাক পৰা অহা চলাচলৰ বাবে ৷ বহিঃৰাজ্যৰ পৰা অহা খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহৰ বাবে আতংকিত হৈ পৰিছে দৰংবাসী ৷ ৰাজস্থান , পশ্চিম বংগ , কেৰালা আদিৰ পৰা অহা ট্ৰাক সমুহৰ ড্ৰাইভাৰে দৰঙৰ বিভিন্ন স্থানত থকা তেল ডিপো সমূহত আশ্ৰয় গ্ৰহন কৰিছে ৷ সেই ট্ৰাক ড্ৰাইভাৰ সকলক বহিঃৰাজ্যৰ পৰা দৰং পোৱাৰ সময়ত জিলা প্ৰশাসনে ক'ৰণা ভাইৰাছৰ বাবে কোনো পৰীক্ষা কৰা পৰিলক্ষিত হোৱা নাই৷ ট্ৰাক চালকসকলে নিজে স্বীকাৰ কৰিছে এই কথা৷ যদিহে এইদৰে বহিঃৰাজ্যৰ ট্ৰাকসমূহ চলাচল কৰে ৰাজ্যৰ লগতে দৰঙতো এই মাৰত্মক ক'ৰণা ভাইৰাছ সংক্ৰমণ হ'ব বুলি আতংকিত হৈছে দৰংবাসী ৷
কৰ'ণাৰ আতংকঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত স্তব্ধ জন-জীৱন ! - ধুবুৰীত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ
15:03 March 23
দৰঙত ট্ৰাক চালকৰ বাবে আতংকিত ৰাইজ
14:48 March 23
ধুবুৰীত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ
ধুবুৰী, 23 মাৰ্চ : কৰ'ণাৰ আতংকৰ মাজতে সষ্টম হৈছে ধুবুৰী জিলা প্ৰশাসন । জিলাখনত ইতিমধ্যে জাৰি কৰা হৈছে কেতবোৰ জৰুৰী নিষেধাজ্ঞা । বন্ধ কৰি দিয়া হৈছে যান-বাহনৰ চলাচল । ২৫ মাৰ্চ লৈ বহিঃৰাজ্য পশ্চিমবংগলৈ সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ থকাৰ সমান্তৰাল ভাৱে পশ্চিম বংগৰ পৰাও কোনো ধৰণৰ যান বাহন চলাচল কৰিব নোৱাৰিব ধুবুৰীলৈ । তাৰোপৰি অহা পাঁচ এপ্ৰিল পৰ্যন্ত বন্ধ থাকিব জিলাখনৰ বজাৰ সমূহ ৷
14:32 March 23
অচলাৱস্থাৰ গইনা লৈ একাংশই বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম !
যোৰহাট, 23 মাৰ্চ : আনহাতে আগন্তুক ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ জাৰি কৰা লক্ ডাউনৰ নিৰ্দেশনা ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা লগে লগে বজাৰত দেখা পোৱা গ্ৰাহকৰ ব্যপক ভীৰ । সপ্তাহৰ বজাৰ-সমাৰ কৰাত ব্যস্ত হৈ পৰিছে জনতা । এটিমতো পৰিলক্ষিত হৈছে দীঘলীয়া শাৰী ৷ দোকানত ভীৰ,শাক-পাচলি আদিৰ পৰ্যাপ্ত যোগান ধৰিব পৰা নাই বিক্ৰেতাই । তাৰ মাজতে একাংশ অসাধু বেপাৰীয়ে বৃদ্ধি কৰিছে সামগ্ৰীৰ মূল্য । সহজলভ্য সামগ্ৰীৰ আকাংলংঘী মূল্যই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গ্ৰাহকৰ মাজত ৷
13:49 March 23
টিংখাঙৰ প্ৰায় 17 খন বাগিছাত বন্ধ কাম-কাজ
টিংখাং, 23 মাৰ্চ : কৰ'ণা ভাইৰাছৰ টিংখাঙত নিতাল-নিস্তব্ধ চাহ উদ্যোগ। ২০ খনৰো অধিক বৃহৎ চাহ বাগিচাত জনশূন্য পৰিবেশ । কাঁহ পৰি জীণ যোৱা পৰিবেশে বিৰাজ কৰিছে দৈনিক শ শ শ্ৰমিকে কাম কৰা কলঘৰ সমূহত। চাহ শ্ৰমিকে বসতি স্থাপন কৰা লাইন সমূহতো এতিয়া নিমাও-মাও পৰিবেশ । ইফালে সোমবাৰে পুৱা 5 বজাৰ পৰা অসমৰ সকলো চাহ বাগিচা ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ আহ্বান জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৷ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধত টিংখাঙৰ ১৭ খনতকৈ অধিক বৃহৎ চাহ বাগিচা সম্পূৰ্ণ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷ টিংখাঙত আটছাৰ এটা প্ৰতিনিধি দলে বাগিচাই বাগিচাই সজাগতাও সৃষ্টি কৰিছে ।