ETV Bharat / state

Semkhor Movie Controversy : ছেমখৰ চিনেমাৰ বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন - Dimasa Rights Protection Action Committee

ছেমখৰ চিনেমাৰ(Semkhor movie) বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন ৷ আইমী বৰুৱাই ভুল স্বীকাৰ কৰাৰ দাবী ৷ অভিৱৰ্তনত উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে গুৱাহাটীৰ সচেতন ৰাইজ ৷

Semkhor Movie Controversy
ছেমখৰ চিনেমাৰ বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন
author img

By

Published : Oct 30, 2022, 8:23 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : অব্যাহত আছে আইমী বৰুৱাৰ ছেমখৰ চিনেমাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া (Semkhor Movie Controversy)৷ দেওবাৰেও অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত, ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্যকৰী সমিতিৰ উদ্যোগত ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন দেওবাৰে অনুষ্ঠিত হয় । বিশিষ্ট ডিমাচা শিল্পী পদ্মা বাঠাৰিয়ে সভাপতিত্ব কৰা সভাখনত আঁত ধৰে যুৱনেতা প্ৰণৱ দলেয়ে ।

ছেমখৰ চিনেমাখনত(Semkhor movie) ডিমাচাসকলৰ সংস্কৃতিক ভুলকৈ উপস্থাপন কৰাৰ বিৰুদ্ধে এটি শক্তিশালী প্ৰতিক্ৰিয়া আৰু আন্দোলন গঢ় লৈ উঠিছে যদিও বৃহত্তৰ ডিমাচা জনগণৰ দাবীক অসম চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে মান্যতা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সভাখনত । সভাখনত আইমী বৰুৱা পৰিচালিনাত নিৰ্মিত ছেমখৰ নামৰ চলচ্চিত্ৰখনৰ CBFC প্ৰমাণপত্ৰ বাতিল আৰু চলচ্চিত্ৰখনৰ প্ৰচাৰ বন্ধ কৰাৰ বাবে CBFCক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।

অভিৱৰ্তনত আইমী বৰুৱাই(Actress Aimee Baruah) সংবাদমেল আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে ডিমাছা জনজাতিৰ বিষয়ে ব্যক্ত কৰা অভিযোগসমূহ ভুল বুলি স্বীকাৰ কৰি সেই কথাখিনি ৰাজহুৱাভাৱে উঠাই ল’বলৈ দাবী জনায় । ছেমখৰ ছবিখনত ডিমাছা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা অন্যায় আৰু ভুল উপস্থাপনৰ বিষয়ে ঘোষণা কৰিবলৈ আৰু ছবিখনে লাভ কৰা বঁটাসমূহ প্ৰত্যাহাৰৰ দাবী জনাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, চলচ্চিত্ৰ সমিতিসমূহক আৰু Federation of Film Societies of Indiaক আবেদন জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ।

যদি ডিমাছা জনগোষ্ঠীয়ে কৰা দাবী সমূহ মানি লোৱা নহয়, Dimasa Rights Protection Action Committeeৰ প্ৰতিনিধিত্বত আগন্তুক দিনত অসমৰ বিভিন্ন দল, সংগঠন, সচেতন ৰাইজৰ সহযোগত পৰৱৰ্তী কাৰ্যসূচীসমূহ হাতত লোৱা হ'ব । আজিৰ সভাত অসমৰ আৰু নাগালেণ্ডৰ ডিমাচা প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও অসমৰ‌‌ বহু কেইজন বিশিষ্ট বুদ্ধিজীৱী, সাংস্কৃতিক শিল্পী, সংগ্ৰামী নেতৃত্ব তথা দল‌ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক : Jogen mohan reaction on miyan museum: কোনো শক্তিয়েই অসমীয়া জাতিৰ সংস্কৃতি, পৰম্পৰাক নিঃশেষ কৰিব নোৱাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.