ETV Bharat / state

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰা হৈছে কংগ্ৰেছক: এইবাৰ দৃশ্যপটত ৰঞ্জন বৰা - Congress worried about victory of Rajya Sabha elections

মুঠতে কংগ্ৰেছ দলত যেন এতিয়া অশান্তিয়ে বাহ হৈছে । ৰাজ্যসভা নিৰ্বাচনত অনায়াসে জিকি আহিব পৰাৰ জোখাৰে বিধায়ক থকাৰ পিছতো বাৰে বাৰে নিজৰ ‌জয়ক‌ লৈ চিন্তিত-উদ্বিগ্ন হবলগীয়া হৈছে কংগ্ৰেছ (Congress worried about victory of Rajya Sabha elections) ।

rajya sabha ranjan bora
জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰা হৈছে কংগ্ৰেছকঃ
author img

By

Published : Mar 25, 2022, 7:38 PM IST

গুৱাহাটী, ২৫ মাৰ্চ: মুঠতে কংগ্ৰেছ দলত যেন এতিয়া অশান্তিৰ বাহ হৈছে । ৰাজ্যসভা নিৰ্বাচনত অনায়াসে জিকি আহিব পৰাৰ জোখাৰে বিধায়ক থকাৰ পিছতো বাৰে বাৰে নিজৰ ‌জয়ক‌ লৈ চিন্তিত-উদ্বিগ্ন হবলগীয়া হৈছে কংগ্ৰেছ (Congress worried about victory of Rajya Sabha elections)। ৰাজ্যসভাৰ বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ জয় হব নে নহয় তাকে লৈ কংগ্ৰেছ উৎকন্ঠিত ।

ইয়াৰ মাজতে বৰ্তমানৰ ন-বিজেপি তথা সৌ সিদিনালৈকে কংগ্ৰেছৰ এজন আগশাৰীৰ নেতা হৈ থকা ৰঞ্জন বৰাই কৰিছে এক গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক মন্তব্য । সামাজিক মাধ্যমৰ কৃপাত ইতিমধ্যে ৰঞ্জন বৰাৰ সেই ভাষ্য কেউদিশে বিয়পিছে । প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক (সংগঠন) ৰঞ্জন বৰাই সামাজিক মাধ্যমত দিয়া প'ষ্টটো এনেধৰণৰ -"নিৰ্বাচনত যিসকল কংগ্ৰেছ প্ৰাৰ্থীক বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত টিকেট লবলৈ বাধ্য কৰিছিল আৰু নিৰ্বাচিত হৈ বিধায়ক হৈছে, সেইসকল বিধায়কে ৰিপুণ বৰাক কোনোপধ্যেই ৰাজ্যসভাৰ নিৰ্বাচনত ভোট নিদিয়ে । "

rajya sabha ranjan bora
ৰঞ্জন বৰাৰ বিস্ফোৰক ফেচবুক প'ষ্ট

তাৎপৰ্যপূৰ্ণ যে মন্ত্ৰী পীযুষ হাজৰিকায়ো ইতিমধ্যে একাধিকবাৰ এই মন্তব্য কৰি আহিছে যে আনটো বাদেই, স্বয়ং কংগ্ৰেছৰেই কেইবাজনো বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰাক ভোট নিদিয়ে । তাৰ পিছতেই ৰঞ্জন বৰাৰ এনে মন্তব্য মনকৰিবলগীয়া ।

বিগত বিধানসভা নিৰ্বাচনত তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে বিভিন্ন কংগ্ৰেছ নেতা-কৰ্মীয়ে অভিযোগ তুলিছিল যে মোটা অংকৰ ধনৰ বিনিময়ত বহু সমষ্টিত কংগ্ৰেছে এনে প্ৰাৰ্থীক টিকট দিছে যাৰ জয়ৰ বিন্দুমাত্ৰও সম্ভাৱনা নাই ।

লগতে পঢ়ক: এগৰাকী সাধুৰ পৰা দেশৰ প্ৰভাৱশালী ৰাজনীতিবিদলৈ যোগী আদিত্যনাথৰ যাত্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.